Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ

    Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

    BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

    যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam By Election Poll:আজি ৰাজ্যৰ পাঁচ সমষ্টিত পুৱাৰে আৰম্ভ হৈছে ভোটগ্ৰহণ

চামগুৰিত বিভিন্ন স্থানত অব্যাহত বিক্ষিপ্ত ঘটনা, শ'লমাৰিৰ ৮৯,৯০ ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিক লৈ মোতায়েন শতাধিক কমাণ্ডো, কুশল কোঁৱৰ এল পি স্কুলত ভুৱা ভোটাৰৰ প্ৰৱেশক মাৰপিট, চিদলীত ৩৫ টা ভোট গ্ৰহণ কেন্দ্ৰ স্পৰ্শকাতৰ, EVM ত বন্দী হ'ব ৩৪ গৰাকীৰ প্ৰাৰ্থীৰ ভাগ্য, ২৩ নৱেম্বৰত ফলাফল উপ- নিৰ্বাচনৰ, কোনে মাৰিব শেষ হাঁহি

samimsultana by samimsultana
November 13, 2024
in India, Assam, News
Reading Time: 5 mins read
0
Assam By Election Poll:আজি ৰাজ্যৰ পাঁচ সমষ্টিত পুৱাৰে আৰম্ভ হৈছে ভোটগ্ৰহণ
1
SHARES
11
VIEWS
ShareShareShareShare

Assam By Election Polls:

প্রতিপক্ষক আক্রমণ-প্রত্যাক্রমণ, অভিযোগ-প্রতিভিযোগ, প্রতিপক্ষক সমালোচনাৰ নামত একাংশৰ ৰুচিহীন শব্দ প্রয়োগ আদিৰ দ্বাৰা বৃদ্ধি পোৱা নির্বাচনী জ্বৰৰ উত্তাপ বৃদ্ধিৰ সময়তে বুধবাৰে ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ পুৱাৰে পৰা আৰম্ভ হয়। ইয়াৰ মাজতে চামগুৰি সমষ্টিত ভোট গ্ৰহণৰ প্ৰাক সন্ধিয়াও অব্যাহত থাকিল হিংসাত্মক ঘটনা। আজি ভোটগ্রহণৰ প্ৰাক্ষুহূর্ততো চামগুৰিত এক হিংসাত্মক ঘটনা সংঘটিত হয়।

ADVERTISEMENT

ভোটগ্রহণ হ’ব লগা এই পাঁচ সমষ্টি হ’ল চামগুৰি, বিহালী, বঙাইগাঁও, চিদলী আৰু ধলাই। ইতিমধ্যে নির্বাচন আয়োগে ভোটগ্রহণ উপলক্ষে বিভিন্ন নীতি-নির্দেশনা জাৰি কৰিছে। উল্লেখ্য যে আজি ঝাৰখণ্ড বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্রহণ পুৱাৰে পৰা আৰম্ভ হৈছে । তদুপৰি দেশৰ আন একাংশ বিধানসভা সমষ্টিৰ উপ-নির্বাচনো হৈছে আজি । ২০ নৱেম্বৰত ঝাৰখণ্ড বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ আৰু মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্রহণ হ’ব। এই নির্বাচনসমূহৰ ফলাফল অহা ২৩ নৱেম্বৰত ঘোষিত হ’ব।

RelatedPosts

Panchayat Election:পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পর্যায়ত ৭৯.২৩ শতাংশ ভোট

Samaguri :চামগুৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুক লৈ ভূপেন বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া

Chirang:চিৰাঙৰ হাশ্ৰাউবাৰীত ভূমি কেন্দ্ৰীক বিতৰ্ক

বিশেষকৈ ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ ভিতৰত হাই ভল্টেজ সমষ্টি হিচাপে বিবেচিত হৈছে চামগুৰি ৷ নিৰ্বাচনৰ দিনৰ ঘোষণা কৰা পিছৰে পৰা ঠায়েঠায়ে আৰম্ভ হৈছিল ব্যাপক বিক্ষিপ্ত ঘটনা। আনকি ভোট গ্ৰহণৰ আগদিনাও সংঘটিত হয় হিংসাত্মক ঘটনা ৷

সমষ্টিটোত অৱতীৰ্ণ হৈছে দলীয়-নির্দলীয় মুঠ ১১ প্রার্থী। এই প্রার্থীসকলৰ ভাগ্য নিৰূপণ কৰিব ১,৮০,৪৪৮ ভোটাৰে। এই ভোটাৰসকলৰ ৯৩,৩০৪ জন পুৰুষ হোৱাৰ বিপৰীতে ৮৯,১৩৩ গৰাকী মহিলা আৰু ১১ গৰাকী তৃতীয় লিংগ। সমষ্টিটোত ছার্ভিচ ভোটাৰৰ সংখ্যা ২৬৭ গৰাকী। এইবাৰ সমষ্টিটোত ১৯৭ টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। এই ভোটগ্রহণ কেন্দ্রসমূহত মঙলবাৰে পুৱাৰ পৰা নিৰাপত্তা ব্যৱস্থা অতি কটকটীয়া কৰা হৈছিল। সমষ্টিটোত এইবাৰ দুটা মহিলা ভোটগ্রহণ কেন্দ্রও আছে। কেন্দ্র দুটা হ’ল ১৬৪ নম্বৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্র (পূব) আৰু ১৬৫ নম্বৰ আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্রহণ কেন্দ্ৰ (পশ্চিম)।

এই উপ-নির্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮৬৮ গৰাকী প্রিজাইডিং আৰু প’লিং বিষয়া নিয়োগ কৰা হৈছে। সমষ্টিটোত এইবাৰ ভোটযুদ্ধত অৱতীৰ্ণ হোৱা প্রার্থীসকল হ’ল বিজেপিৰ দিল্লুৰঞ্জন শৰ্মা, কংগ্ৰেছৰ তাঞ্জিল হুছেইন, আপৰ নুৰুল আমিন চৌধুৰী, ছ’চিয়েলিষ্ট ইউনিটি চেণ্টাৰ অব ইণ্ডিয়া (কমিউনিষ্ট)ৰ আব্দুছ ছবুৰ মিঞা, ভাৰতীয় গণ পৰিষদৰ বীৰেন বসাক, ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ ৰাব্বুল হক আৰু পাঁচ নির্দলীয় প্রার্থী ক্রমে আব্দুল মজিদ, জেহিৰুল ইছলাম, ফাতেমা খাতুন, মোছাবিৰ আলী আহমেদ আৰু শশী তাঁতী। চামগুৰিৰ কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন পিতৃ ৰকিবুল হুচেইন আৰু মাতৃ সহ ভোটাধিকাৰ সাব্যস্ত কৰে সমষ্টিটোৰ কৰৈগুৰি মজলীয়া ভোট কেন্দ্ৰত ৷

একেদৰে এইবাৰ চিদলী সমষ্টি (এছটি)ত ২,১৭,১৮৩ ভোটাৰে তিনি প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব। সমষ্টিটোত বিজেপি নেতৃত্বাধীন শাসকীয় মিত্রজোঁট, বিপিএফ আৰু কংগ্ৰেছে প্রার্থী দিছে। এই তিনি প্রার্থী হৈছে বিজেপি মিত্রজোটৰ নিৰ্মল কুমাৰ ব্ৰহ্ম, বিপিএফৰ শুদ্ধ কুমাৰ বসুমতাৰী আৰু কংগ্ৰেছৰ সঞ্জীৱ কুমাৰ ৱাৰী। সমষ্টিটোত ২৭৩ টা ভোটকেন্দ্র স্থাপন কৰা হৈছে। ইয়াৰে ৩৩ টা ভোটকেন্দ্র স্পৰ্শকাতৰ চিহ্নিত কৰা হৈছে। সমষ্টিটোৰ ২,১৭,১৮৩ ভোটাৰৰ ১,০৭,৮৯৬ জন পুৰুষ আৰু ১,০৯,২৮৩৩ গৰাকী মহিলা ভোটৰ। সমষ্টিটোত এইবাৰ চাৰিজন তৃতীয় লিংগ ভোটাৰ আছে। সমষ্টিটোত ছার্ভিচ ভোটাৰৰ সংখ্যা ৬৩০ গৰাকী। ভোটগ্রহণ প্ৰক্ৰিয়াৰ বাবে নির্বাচন আয়োগে ১,২২৪ জন বিষয়া নিয়োগ কৰিছে। সমষ্টিটোৰ দুটা আদর্শ ভোটগ্রহণ কেন্দ্র আছে ১৯১ আৰু ১৯২ নম্বব ভোটগ্রহণ কেন্দ্ৰ বাসুগাঁৱৰ ৰামকৃষ্ণ আশ্রমত।

ইপিনে, বিহালী সমষ্টিত এইবাৰ ১,৩২,৫৭৯ ভোটাৰে চাৰি প্ৰাৰ্থীৰ ভাগ্য নিৰূপণ কৰিব। এইবাৰ সমষ্টিটোতকংগ্ৰেছৰ জয়ন্ত বৰা, বিজেপি নেতৃত্বাধীন মিত্রজোটৰ দিগন্ত ঘাটোৱাৰ, আপৰ অনন্ত গগৈ আৰু সম্মিলিত বিৰোধী লক্ষ্মীকান্ত তাঁতীয়ে প্রতিদ্বন্দ্বিতা কৰিছে। সমষ্টিটোৰ মুঠ ১.৩২,৫৭৯ ভোটাৰৰ ৬৬,০৪৮ জন পুৰুষ, ৬৬,৫৩০ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ। আনহাতে, ৮৫ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা হৈছে ৫৬১ গৰাকী আৰু শতায়ু গৰকা ভোটাৰ ২০ গৰাকী আছে। ছাৰ্ভিচ ভোটাৰৰ সংখ্যা ১৪২ গৰাকী।

এইবাৰ সমষ্টিটোত ১৫৪ টা ভোটগ্রহণ কেন্দ্র আছে। আনহাতে, এইবাৰ বঙাইগাঁৱত কংগ্ৰেছৰ ব্ৰজেনজিৎ সিংহ, বিজেপি নেতৃত্বৰ শাসকীয় মিত্ৰজোঁটৰ অগপ প্রার্থী দীপ্তিময়ী চৌধুৰী আৰু নিৰ্দলীয় শৈলেন্দ্ৰ সৰকাৰে প্ৰতিদ্বন্দিতা কৰিছে। সমষ্টিটোত এইবাৰ ২৪৬ টা ভোটগ্রহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে। সমষ্টিটোত ১,৮২,৩৫৪ ভোটাৰ আছে।

election 2election3ইপিনে, ধলাই (এছচি)ত মুঠ ভোটাৰৰ সংখ্যা ১,৯৬,৭৭২। সমষ্টিটোত ছার্ভিচ ভোটাৰৰ সংখ্যা ৫২৪ জন। অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিপ্তীময়ী চৌধুৰীয়ে স্বামী তথা বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী সহিতে সমষ্টিটোৰ বীৰঝাৰ ছোৱালী এইছ এছ স্কুলৰ ২১৭ নং ভোট কেন্দ্ৰত পুৱাৰে ভোটাধিকাৰ সাব্যস্ত কৰে । সমষ্টিটোৰ এইবাৰ অগপ দল ত্যাগ কৰি নিদৰ্লীয় হিচাপে প্ৰতিদ্বন্দ্বীতা কৰা শৈলেন্দ্ৰ সৰকাৰে বীৰঝাৰ ছোৱালী এইছ এছ স্কুলৰ ২১৮ নং ভোট কেন্দ্ৰত ভোটদান কৰে ৷

ইপিপিএল দলৰ ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰীয়ে সপত্নীক ভোটাধিকাৰ সাব্যস্ত কৰে বঙাইগাঁও সমষ্টিৰ ২৪৯ পেটলাগাঁও এল পি স্কুলৰ ১৫১নং ভোট কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰে ৷ মনকৰিবলগীয়া যে আজি ভোটগ্রহণ হ’ব লগা সমষ্টিকেইটা আৰু ইয়াৰ ওচৰ-পাঁজৰৰ অঞ্চলত সুৰামুক্ত দিন ঘোষণা কৰিছে নির্বাচন আয়োগে।

#ভোটগ্রহণৰ প্ৰাক্‌র্মুহূৰ্ত আৰু ভোট গ্ৰহণৰ দিনটোতো চামগুৰিত নিৰ্বাচনী হিংসা

নির্বাচনী হিংসাই ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰা চামগুৰিত ভোটগ্রহণৰ প্ৰাক্‌মুহূর্ততো যোৱা সংঘটিত হয় এক হিংসাত্মক ঘটনা। মঙলবাৰে সন্ধিয়া সমষ্টিটোৰ কাঠপাৰা বজাৰৰ এখন চাহৰ হোটেলত এক মাৰধৰৰ ঘটনা সংঘটিত হয়। হোটেলখনত চাহ খাবলৈ যাওতে এটা পাঁচজনীয়া দুর্বৃত্তৰ দলে খাইৰুল বাদশাহ নামৰ এজন শিক্ষকক আক্ৰমণ কৰে। আক্ৰমণকাৰীৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্ট চলাওঁতে শিক্ষকজনৰ পুত্ৰ নেকিব উদ্দিনো প্রহৃত হয়। প্রাপ্ত তথ্য অনুসৰি, দুর্বৃত্তৰ দলটোৱে শিক্ষকজনক নির্বাচনী প্ৰচাৰ চলোৱাৰ অভিযোগ তুলি আক্রমণ কৰে।

এক সূত্রই জনোৱা মতে, বাদশাহ কংগ্ৰেছৰ সমর্থক। আক্রমণত তেওঁ আৰু তেওঁৰ পুত্র আহত হয়। ইতিমধ্যে ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে ৰফিকুল ইছলাম, ছাইদুল ইছলাম, ইয়াদুল ইছলাম, জমিল আহমেদ আৰু বাবুল ইছলাম নামৰ লোককেইজনৰ বিৰুদ্ধে আমবাগান আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে।

আনহাতে চামগুৰি সমষ্টিৰ ভোট গ্ৰহণৰ দিনটোতো অব্যাহত থাকিল বিক্ষিপ্ত ঘটনা ৷ পুৱাৰে পৰা ভোট গ্ৰহণ হোৱাৰ কিছু সময়ৰ পিছতে শ’লমাৰিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ উদ্থাপিত অভিযোগ অনুসৰি নিজকে সাংবাদিক বুলি পৰিচয় দিয়া এজন যুৱকে ভোট কেন্দ্ৰত প্ৰৱেশক লৈ এক হুলস্থূলৰ পৰিবেশৰ সৃষ্টি হয় ৷ বিজেপি এজেণ্ট তেওঁৰ পৰিচয় পত্ৰ বা নিৰ্বাচনী আয়োগৰ কাৰ্ড বিচাৰে যদিও তেওঁৰ কাৰ্ড দেখুৱাব নোৱাৰিলে ৷ ইয়াৰ মাজতে একাংশ লোকে তেওঁৰ চাৰিচকীয়া বাহন খন আক্ৰমণ কৰি গাড়ীৰ আইনা ভাঙি চুৰমাৰ কৰে ৷

উল্লেখ্য যে সেই সময়ত কংগ্ৰেছ নেতা তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনেও শ’লমাৰিৰ বিভিন্ন ভোট কেন্দ্ৰৰ একাংশ ভোটাৰক কংগ্ৰেছক ভোট দিবলৈ ভাবুকি দিয়াৰ অভিযোগ উদ্থাপিত হৈছে ৷ যাৰবাবে নিৰ্বাচন আয়োগে শ’লমাৰিত তাৎক্ষণিকভাৱে মোতায়েন কৰিছে শতাধিক কমাণ্ডো ৷ শ’লমাৰি ৮৯,৯০ নং ভোট কেন্দ্ৰত একাংশ বিজেপি কৰ্মীয়ে উদ্ভণ্ডালি কৰাৰ প্ৰতি অভিযোগ কৰিছে কংগ্ৰেছ কৰ্মীয়ে ।

একেদৰে কুশল কোঁৱৰ এল পি স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বাহিৰত কংগ্ৰেছ- বিজেপি সমৰ্থকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয় ৷ ইপিনে চামগুৰি সমষ্টিৰ খলিহামাৰীত বিজেপিৰ প্ৰাৰ্থী দিপ্লু ৰঞ্জন শৰ্মাক আক্ৰমণ কৰাৰ চেষ্টা কৰে কংগ্ৰেছ কৰ্মীয়ে ৷ শৰ্মাই অভিযোগ কৰা মতে সংশ্লিষ্ট ভোট কেন্দ্ৰত ভোটদান কৰিব অহা বোৰ্খা পৰিহিত মহিলাৰ বোৰ্খা দাঙি দাঙি চাই তেওঁলোক কংগ্ৰেছী হয়নে নহয় পৰীক্ষা কৰে ৷ এই অশোভনীয় কাণ্ডৰ বিৰোধীতা কৰে বিজেপি প্ৰাৰ্থী গৰাকীয়ে ৷ ইতিমধ্যে প্ৰাৰ্থী গৰাকীয়ে বিষয়টো নিৰ্বাচন আয়োগৰ দৃষ্টিগোচৰ কৰিছে ৷

শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি পাঁচ সমষ্টিত দিনৰ ১-৩০ বজালৈকে ভোটদানৰ হাৰ ৪৯.৭৬ ৷ সমষ্টি ভিত্তিক ভোটদান এনেধৰণৰ চামগুৰিত ৫১.০২ শতাংশ, বিহালীত ৫৫.o৬ শতাংশ ,বঙাইগাঁৱত ৫০.০২ শতাংশ ,ধলাই সমষ্টিত ৪৪.৬৫ শতাংশ আৰু ছিদলীত ৪৯.২০ শতাংশ ভোটদান সাব্যস্ত হয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam By Election PollsbihaliBongaigaondahlaiECISamaguriSidli
samimsultana

samimsultana

Related Posts

National Defence Fund:ভাৰতীয় প্ৰতিৰক্ষা পুঁজিলৈ সাহায্য লণ্ডনস্থ প্ৰবাসী অসমীয়া ইলিয়াছ হুছেইন আনছাৰিৰ
News

May 10, 2025
Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন
News

Sarusajai Stadium:মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত অঘটন

May 10, 2025
BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ
India

BWAI:বেলুচিস্তানক স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি দিবলৈ

May 10, 2025
যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!
India

যুদ্ধৰ অবাহত ১৪ মে’লৈকে বাতিল হ’ল সকলো হজ বিমান!

May 10, 2025
যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d