Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

CM Election Rally In Bongaigaon -Sidli:উপ-নির্বাচন: বঙাইগাঁও আৰু চিদলী সমষ্টিত বিশাল জনসভা মুখ্যমন্ত্ৰীৰ

জাতি, মাটি আৰু ভেটিৰ হকে নিৰন্তৰভাৱে কাম কৰি আমি বিকাশৰ লগতে অসমক নতুনকৈ নির্মাণত গুৰুত্ব আৰোপ কৰিছোঁ :ড: শর্মা

samimsultana by samimsultana
November 6, 2024
in India, Assam, News
Reading Time: 3 mins read
0
CM Election Rally In Bongaigaon -Sidli:উপ-নির্বাচন: বঙাইগাঁও আৰু চিদলী সমষ্টিত বিশাল জনসভা মুখ্যমন্ত্ৰীৰ
4
SHARES
41
VIEWS
ShareShareShareShare

CM Election Rally In Bongaigaon -Sidli:

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ বাবে সমাগত উপ-নির্বাচনৰ প্ৰচাৰ অভিযান অব্যাহত ৰাখি মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শর্মাই বৃহস্পতিবাৰে বঙাইগাঁও আৰু চিদলী সমষ্টিত একোখনকৈ বিশাল জনসভাৰে ব্যাপক প্ৰচাৰ চলায়। বঙাইগাঁও সমষ্টিত বিজেপি নেতৃত্বাধীন মিত্রজোঁটব প্রার্থী দিপ্তীময়ী চৌধুৰী আৰু চিদলী সমষ্টিত মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমর্থনত আয়োজিত এই জনসভালৈ ব্যাপক উপস্থিতিৰে জনসাধাৰণে বিপুল সমর্থন আগবঢ়ায়।

ADVERTISEMENT

মুখ্যমন্ত্রীয়ে আজি প্রথমতে বঙাইগাঁৱৰ গান্ধী ময়দানত অনুষ্ঠিত জনসভাখনত অংশগ্ৰহণ কৰে। এই সভাত ভাষণ প্রদান কৰি তেওঁ বিগত লোকসভা নির্বাচনত বৰপেটা লোকসভা সমষ্টির সাংসদ হিচাপে বঙাইগাঁও বিধানসভা সমষ্টিৰ দীর্ঘদিনৰ বিধায়ক ফণীভূষণ চৌধুৰীক জয়ী কৰি প্ৰদৰ্শন কৰা মৰম আৰু স্নেহৰ বাবে অঞ্চলবাসীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে বর্তমানৰ সাংসদ তথা তদানীন্তন বিধায়ক চৌধুৰীয়ে প্ৰথম অৱস্থাত লোকসভা সমষ্টির প্রার্থী হিচাপে অবতীর্ণ হ’বলৈ আগ্রহ প্রকাশ কৰা নাছিল যদিও এগৰাকী অদ্বিতীয় যোগ্য প্রার্থী হিচাপে বিভিন্ন স্তৰৰ পৰা অহা আহ্বানলৈ সঁহাৰি জনাই নির্বাচনত অৱতীর্ণ হৈ জয়লাভ কৰিছিল। বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ আৰু ডেৰ বছৰ কাৰ্যকাল বাকী আছে বুলি মন্তব্য কৰি তেওঁ কয় যে বিধায়ক হৈ থকা সময়ত ফণীভূষণ চৌধুৰীয়ে হাতত লোৱা উন্নয়নমূলক কাম- কাজসমূহ যাতে এই অৱশিষ্ট ডেৰ বছৰত সম্পূৰ্ণ কৰিব পৰা যায় সেই উদ্দেশ্যে অগপই জনসাধাৰণৰ মতামত লৈ সকলোৰে লগত আলোচনা কৰি দিপ্তীময়ী চৌধুৰীক এই উপ-নির্বাচনত প্রার্থী হিচাপে আগবঢ়াইছে।

RelatedPosts

Cm Pressmeet :বছৰৰ প্ৰথম দিনটোত সাংবাদিকৰে আলাপ মুখ্যমন্ত্ৰীৰ

Assam Cabinet Meeting:কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Viswa Sarma: নৱেম্বৰত ৰাজ্যিক কৰ্মচাৰীক অতিৰিক্ত এহেজাৰ টকা আদায়

cm 4ড° শৰ্মাই মন্তব্য কৰে যে বিগত চাৰে তিনি বছৰীয়া মুখ্যমন্ত্রিত্বত গুৱাহাটীৰ পিছতে তেওঁ বহুবাৰ বঙাইগাঁও ভ্রমণ কৰিছে আৰু বঙাইগাঁও সমষ্টিৰ লগতে বঙাইগাঁও জিলাখনৰ উন্নয়নৰ হকে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। ২০২২ চনৰ ৫ ডিচেম্বৰত বঙাইগাঁৱলৈ অহাৰ কথা ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই ভ্রমণকালত অঞ্চলটোত ৭১৩ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল।

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন, নতুন আযুক্তৰ কাৰ্যালয় আৰম্ভ আৰু অসম মালাৰ অধীনত পথ নিৰ্মাণকে ধৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম-কাজ হাতত লোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে ২০২৬ চনত বিধানসভা নিৰ্বাচনৰ পূর্বে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সেৱা জনসাধাৰণৰ বাবে উৎসৰ্গা কৰা হ’ব। তেওঁ লগতে কয় যে ২০২৩ চনৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে বঙাইগাঁও জিলালৈ আকৌ এবাৰ অহাৰ সময়ত ৫৫৭ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ কাম-কাজ আৰম্ভ কৰা হৈছিল। তেনেদৰে চলিত বৰ্ষৰ ৫ মাৰ্চত বঙাইগাঁৱলৈ অহাৰ সময়ত ১৬৮ কোটি টকাৰ বিভিন্ন আঁচনিৰ আধাৰশিলা তথা উদ্বোধন কৰাৰ কথাও তেওঁ উল্লেখ কৰে।

ভাষণত মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে বঙাইগাঁও মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পর্যায়লৈ উন্নীতকৰণৰ বাবে ইতিমধ্যে পদক্ষেপ গ্রহণ কৰা হৈছে আৰু আগন্তুক বিধানসভা নির্বাচনৰ পূর্বে বিশ্ববিদ্যালয়খনত নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰা হৈছে। নামনি অসমৰ এখন গৌৰৱময় চহৰ বঙাইগাঁৱক কংগ্ৰেছ দলৰ শাসনৰ সময়ত কেতিয়াও গুৰুত্ব দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ফণীভূষণ চৌধুৰীৰ নিৰম্ভৰ প্রয়াস আৰু প্ৰচেষ্টাৰ ফলত আজি অঞ্চলটো অসমৰ ভিতৰতে এটা বিকশিত আৰু সুন্দৰ সমষ্টিলৈ ৰূপান্তৰ হৈছে। সমাগত উপ-নির্বাচনত মিত্রজোঁটৰ প্রার্থী দিপ্তীময়ী চৌধুৰীক বিপুল ভোটত বিজয়ী কৰি সমষ্টিটোৰ বিকাশ আৰু উন্নয়নৰ যাত্ৰাক এক নতুন দিগন্তলৈ লৈ যাব লাগিব বুলিও তেওঁ কয়।

oooooভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে যে ৰাজ্যৰ শাসনাধিস্থিত ভাৰতীয় জনতা পার্টি নেতৃত্বাধীন চৰকাৰখনে জাতি, মাটি আৰু ভেটিৰ হকে নিৰন্তৰভাৱে কাম কৰি বিকাশৰ লগতে অসমক নতুনকৈ নিৰ্মাণৰ বাবে গুৰুত্ব আৰোপ কৰিছে। হত্যা, হিংসা, সন্ত্রাসবাদ আদিৰ অৱসান ঘটি ৰাজ্যখনে সম্প্রতি বিকাশৰ এক নতুন দিগন্তলৈ গতি কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাৰ্যকালৰ বিগত চাৰে তিনি বছৰত জাতিটোক দুর্বল কৰি ৰখা বিভিন্ন সমস্যাৰাজি ক্রমান্বয়ে মীমাংসা কৰিবলৈ সক্ষম হৈছে। যাৰ ফলস্বৰূপে ৰাজ্যখনত এটা নতুন পৰিৱেশ গঢ়ি উঠাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত নতুন আশাৰ সঞ্চাৰ হৈছে আৰু চাৰিওফালে জনসাধাৰণৰ মাজত এক আস্থা আৰু বিশ্বাসৰ পৰিৱেশ সৃষ্টি হৈছে।

ভাষণত প্রসংগক্রমে মুখ্যমন্ত্ৰীয়ে চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে অনুষ্ঠিত স্বচ্ছ আৰু মেধাভিত্তিক পৰীক্ষাসমূহৰ কথা উল্লেখ কৰি কয় যে ইয়াৰ বিপৰীতে কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত চৰকাৰী চাকৰিত নিযুক্তি প্রক্রিয়াত ব্যাপক অনিয়ম হোৱাৰ অভিযোগ আছে। ড° শর্মাই মন্তব্য কৰে যে চৰকাৰী চাকৰিত ডেৰ লাখ যুৱক-যুৱতীক নিযুক্তি, মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ২ লাখ যুৱক-যুৱতীক স্ব- নির্ভৰশীল হোৱাৰ সুযোগ আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন পদত নিযুক্তি আদিৰ জৰিয়তে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে পাঁচ বছৰীয়া কার্যকাল সম্পূর্ণ হোৱালৈ অসমত ৫ লাখ যুৱক-যুৱতীয়ে কর্মসংস্থাপনৰ সুবিধা লাভ কৰিব। অহা বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অসম প্রত্যক্ষ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে মার্চ মাহত আৰক্ষী বাহিনীকে ধৰি বিভিন্ন বিভাগত ৩৫ হাজাৰ চৰকাৰী পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্রকাশ পাব বুলিও তেওঁ সদৰী কৰে। ৰাজনীতিৰ ক্ষেত্ৰখনত পৰিশ্ৰম তথা জনসাধাৰণৰ আশীৰ্বাদৰ ফলত বৰ্তমানৰ অৱস্থাত উপনীত হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে যেতিয়া কোনো দুখীয়া-দৰিদ্ৰ সন্তানে নিজৰ যোগ্যতাৰে চাকৰি লাভ কৰাৰ কথা তেওঁ শুনা পায়, তেতিয়া তেওঁ গভীৰ সুখ অনুভৱ কৰে।

দুখীয়া-দৰিদ্ৰ জনসাধাৰণৰ সকাহৰ উদ্দেশ্যেৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বঙাইগাঁও সমষ্টিত নতুনকৈ ১৫ হাজাৰ লোকে এই আঁচনিখনৰ সুবিধা লাভ কৰিব। ৭০ বছৰ উৰ্দ্ধৰ লোকসকলে বছবি ৫ লাখ টকা পর্যন্ত স্বাস্থ্যসেবা লাভ কৰিব বুলিও তেওঁ সদৰী কৰে। বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ কাৰ্যকালত ১০ লাখ ৭৩ হাজাৰ পৰিয়ালক নতুনকৈ ৰেচন কার্ড প্রদান, মিছন বসুন্ধৰাৰ অধীনত জনসাধাৰণক ভূমিৰ অধিকাৰ প্ৰদান আদিৰ কথা উল্লেখ কৰি তেওঁ কয় যে মিছন বসুন্ধৰা ৩.০ ৰ অধীনত ভূমিস্বত্ব লাভৰ বাবে অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠী তথা অ’বিচি সম্প্রদায়ৰ লোকসকলেও তিনিটা প্ৰজন্মৰ প্রমাণপত্র দাখিলৰ প্ৰয়োজন নাই। ৰাজ্যখনত দুখীয়া-দৰিদ্র জনসাধারণে সম্প্রতি যিমান সুবিধা লাভ কৰিছে, সিমান সহায় পূর্বতে কোনো চৰকাৰৰ কাৰ্যকালত লাভ কৰা লিও তেওঁ মন্তব্য কৰে।

cm0000pppএই সভাত মিত্রজোটৰ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ উপৰি অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশব মহন্ত পঞ্চায়ত আৰু গ্রামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস, সাংসদ বীৰেন্দ্ৰ প্রসাদ বৈশ্য, ফণীভূষণ চৌধুৰী, ৰণগৌৰা নাৰ্জাৰী, প্রাক্তন বিধায়ক ভূপেন বয়, প্রাক্তন মন্ত্রী চন্দন ব্রহ্মকে ধৰি কেইবাগৰাকীও শীর্ষ নেতা-কর্মী উপস্থিত থাকে।

ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে চিৰাং জিলাৰ বেংতলত অনুষ্ঠিত দ্বিতীয়খন বৃহৎ জনসভাত অংশগ্রহণ কৰে। মিত্ৰ দলৰ প্রার্থী নিৰ্মল কুমাৰ ব্ৰহ্মৰ সমৰ্থনত আয়োজিত জনসভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে বিৰোধী পক্ষক গাখীৰ নিদিয়া গৰুৰ সৈতে তুলনা কৰে। তেওঁ কয় যে নতুন দিল্লী আৰু দিছপুৰত বিজেপি নেতৃত্বাধীন চৰকাৰ আছে। সেয়ে চিদলী সমষ্টিত মিত্ৰজোঁটৰ প্রার্থীগৰাকী জয় হ’লে সমষ্টিটোৰ উন্নয়নমূলক কাম-কাজ অব্যাহত থাকিব। বিগত ২০ বছৰত বড়োভূমিত যথেষ্ট সংখ্যক লোকৰ মৃত্যু হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০০৩ চনত তদানীন্তন প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ী আৰু গৃহ মন্ত্রী লালকৃষ্ণ আদৱানীৰ তৎপৰতাত স্বাক্ষৰিত প্ৰথমখন শান্তি চুক্তিয়ে অঞ্চলটোলৈ কিছু শান্তি নমাই আনিবলৈ সমৰ্থ হৈছিল।

cm 3পৰৱৰ্তী সময়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহৰ সদিচ্ছাত স্বাক্ষৰিত বিটিআৰ চুক্তিৰ পিছত অঞ্চলটোলৈ নামি অহা স্থায়ী শান্তিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁৰ কার্যকালত অঞ্চলটোত বোমা বিস্ফোৰণৰ দৰে এটাও ঘটনা সংঘটিত হোৱা নাই। পূর্বতে বন্দুক-ভীতিৰে ভোট বিচৰাৰ পৰিৱৰ্তে এতিয়া বি টি আৰত উন্নয়নমূলক কামৰ জৰিয়তে ভোট বিচৰা হয় বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে অঞ্চলটোত শান্তি-সম্প্রীতি ঘূৰি অহাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণক কৰ্ম-সংস্থাপন, বাট-পথ নির্মাণ আদিকে ধৰি বিভিন্ন প্রয়োজনীয়তা আহি পৰিছে। ২০০৩ চনৰ ১১ অক্টোবৰত চিৰাং ভ্ৰমণৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই ভ্রমণকালত অঞ্চলটোৰ বাবে ৪৬৭ কোটি টকাৰ আঁচনি আৰম্ভ কৰা হৈছিল। তেনেদৰে পৰৱৰ্তী সময়তো ১১১ কোটি টকাৰ বিভিন্ন আঁচনি শুভাৰম্ভ কৰা হৈছে।

কাজলগাঁৱত স্টেডিয়াম, বাসুগাঁৱত ৰে’লৱে উৰণসেতু আদিকে ধৰি বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজ আৰম্ভ কৰা হৈছে। বেংতলত এখন মিনি স্টেডিয়াম, বেংতল মহাবিদ্যালয়ত বিজ্ঞান শাখা প্রবর্তন, বাসুগাঁও কলেজত বাণিজ্য শাখা প্ৰৱৰ্তন, গৰাখহনীয়া প্ৰতিৰোধী ব্যৱস্থা, ভুটানলৈ যোৱাৰ সুবিধার্থে অসম মালাৰ অধীনত পথ নির্মাণ, হাতীচৰত হাইস্কুল নির্মাণ, চম্পা নদীৰ ওপৰত এখন দলং নির্মাণ আদিকে ধৰি জনসাধাৰণে বিচৰা উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণৰ দিশত চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব। বড়োভূমিত উন্নয়নমূলক কাম-কাজ কেৱল বিজেপি আৰু ইউ পি পি এলেহে কৰিব পাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে চিদলী সমষ্টিত নতুনকৈ ১৫ হাজাৰ লোকে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব।

cm 2এই সভাত মন্ত্ৰী অশোক সিংহল,  ইউ জি ব্ৰহ্ম, মন্ত্ৰী যোগেন মহন, নন্দিতা গার্লোছা, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, বিধায়কসকল ক্ৰমে লৰেন্স ইছলাৰী, জলেন দৈমাৰী, অজয় ৰয়, নৱ দলে অসম গণ পৰিষদৰ নেতা প্রশান্ত বৰুৱা, ৰাজু নাৰ্জাৰী, ৰতন ৰয়, বিটিআৰৰ কাৰ্যবাহী সদস্য তথা পাৰিষদীয় সদস্য প্রমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Cm Himanta Biswa SarmaBogaigaonBy ElectionNda Election RallySidli
samimsultana

samimsultana

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d