Inflation rose to 6.2 per cent in October:
ভাৰতীয় ৰিজার্ভ বেংক (আৰবিআই)ৰ ধাৰাবাহিক পদক্ষেপৰ পাছতে দেশত মুদ্রাস্ফীতি আৰু মূল্যবৃদ্ধি নিয়ন্ত্রণ সম্ভৱ হোৱা নাই। যোৱা অক্টোবৰত ভাৰতৰ খুচুৰা মূল্যবৃদ্ধিৰ হাৰ ১৪ মাহৰ পাছত সর্বাধিক ৬.২ শতাংশলৈ বৃদ্ধি পালে। ছেপ্টেম্বৰৰ তুলনাত দেশত অক্টোবৰত মূল্যবৃদ্ধিৰ হাৰ বৃদ্ধি পালে।
ADVERTISEMENT
ছেপ্টেম্বৰত খুচুৰা মূল্যবৃদ্ধিৰ হাৰ আছিল ৫.৫ শতাংশ। তথ্য অনুসৰি, মূল্যবৃদ্ধিৰ হাৰ উর্ধ্বগামী হোৱাৰ অন্যতম কাৰণ হৈছে শাক-পাচলিৰ মূল্যবৃদ্ধি। আৰবিআয়ে খুচুৰা মূল্যবৃদ্ধিৰ হাৰ ৬ শতাংশৰ ভিতৰত থাকিব বুলি লক্ষ্য নির্ধাৰণ কৰিছিল যদিও অক্টোবৰত ই ৬.২ শতাংশলৈ বৃদ্ধি পালে ৷