National Press Day Celebration in Guwahati:
সমগ্ৰ দেশৰ লগতে অসমতো আজি উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস । তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত দিছপুৰস্থ লোক নিৰ্মাণ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত “সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ৰূপ” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত এই অনুষ্ঠানত নিদিষ্ট বক্তা ৰূপে অংশগ্ৰহণ কৰে অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড: কুলধৰ শইকীয়াই ৷
শইকীয়াই সংবাদ মাধ্যম কেৱল সমাজৰ প্ৰতিফলন নহয়, ই সমাজৰ পৰিপূৰকো হ’ব লাগিব বুলি গুৰুত্বপূৰ্ণ বক্তব্য ৰাখি আৰু কয় , সংবাদসেৱী, চৰকাৰী বিষয়া আৰু ছাত্ৰ-ছাত্ৰীসকলক আধুনিক যুগত সংবাদ মাধ্যমৰ বিৱৰ্তনশীল ভূমিকা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হোৱাৰ সুযোগ প্ৰদান কৰে বুলি মন্তব্য কৰে ৷
অনুস্ঠানটোত অৱসৰ প্ৰাপ্ত প্ৰশাসনিয় বিষয়া-সাহিত্যিক থানেশ্বৰ মালাকাৰ,জ্যেষ্ঠ সাংবাদিক পি জে বৰুৱা,ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্য, জনসংযোগ সঞ্চালকালয়ৰ সঞ্চালক মানবেন্দ্ৰ দেব ৰায় সহ কে’বা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ অনুষ্ঠানত গুৱাহাটী মহানগৰীৰ বহু সংখ্যক সাংবাদিক আৰু সংবাদকৰ্মী উপস্থিত থাকে ।