Amitav Ghosh wins International Erasmus Prize:
:প্ৰসিদ্ধ লেখক অমিতাভ ঘোষক জলবায়ু পৰিৱৰ্তন সংকটৰ সন্দৰ্ভত সাহিত্য চৰ্চাৰ কাৰণত আমষ্টাৰ্ডমৰ ৰয়েল পেলেচত অহা মঙলবাৰে আন্তর্জাতিক ইৰাছমাছ বঁটা প্ৰদান কৰা হ’ব। উল্লেখ্য যে দক্ষিণ এছিয়াৰ প্ৰথমজন ব্যক্তি হিচাপে ঘোষে এই সম্মান লাভ কৰিব।
ADVERTISEMENT
কলকাতাত জন্ম লাভ কৰা আন্তর্জাতিক খ্যাতিসম্পন্ন ঘোষে লণ্ডনত বসবাস কৰে। ইংৰাজী সাহিত্যৰ এজন জনপ্রিয় লেখক ঘোষে জলবায়ু পৰিৱৰ্তন সংকটৰ সন্দর্ভত একাধিক চিন্তাকর্ষক লেখা-মেলা কৰি আহিছে।
মঙলবাৰে নেডাৰলেণ্ডছত আয়োজন কৰা পুৰস্কাৰ সমাৰোহত ঘোষক এই বঁটা আনুষ্ঠানিকভাবে আগবঢ়োৱা হ’ব। এই বঁটাৰ স’তে ১,৫০,০০০ ইউৰো পুৰস্কাৰ হিচাপে প্ৰদান কৰা হয়।