ভাৰতৰ সহযোগত স্বাধীনতা লাভ কৰা বাংলাদেশত শেহতীয়াকৈ মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰৰ সহযোগত মৌলবাদী সংগঠন সমূহে সংখ্যালঘু হিন্দুৰ ওপৰত ধাৰাবাহিক আক্ৰমণৰ সমান্তৰালভাৱে ভাৰত বিদ্বেষী মনোভাৱ পোষণ কৰাৰ বিৰুদ্ধে এইবাৰ কঠোৰ ইংগিত দিলে ভাৰতে ৷
ইতিমধ্যে ভাৰতীয় বিদেশ মন্ত্ৰণালয়ে দেশখনৰ বিদেশ মন্ত্ৰণালয়ৰ ওচৰত নিজৰ ক্ষোভ ব্যক্ত কৰিছে ৷ এনেবোৰ ঘটনাক্ৰমৰ মাজতে আজি বাংলাদেশৰ সৈতে সকলো ধৰণৰ ৰপ্তানি আৰু আমদানি সেৱা বন্ধ কৰিলে শ্ৰীভূমি (পূৰ্বৰ কৰিমগঞ্জ ) জিলাৰ ৰপ্তানি আৰু আমদানি ব্যৱসায়ী সন্থাই।
সংখ্যালঘু হিন্দুৰ ওপৰত অব্যাহত থকা নিৰ্যাতনৰ বিৰুদ্ধে চুবুৰীয়া দেশখনৰ সীমামুৰীয়া ভাৰতীয় জিলা খনৰ চাৰিটাকৈ ব্যৱসায়ীক সন্থাই আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ অনিদিষ্ট কাললৈ দেশখনলৈ আমদানি আৰু ৰপ্তানি বন্ধ ঘোষণা কৰে ৷ যাৰবাবে সদাব্যস্ত হৈ থকা সূতাৰকান্দি ট্ৰেড চেণ্টাৰত সোমবাৰে বিৰাজ কৰিছে নিমাওমাও পৰিবেশ ৷
উল্লেখ্য যে, প্ৰতিবেশী দেশখনৰ ইস্কনৰ প্ৰাক্তন কৰ্মকৰ্তা চিন্ময় কৃষ্ণ দাস ব্ৰহ্মচাৰী সহ আন দুজন পুৰোহিতক দেশদ্ৰোহৰ ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰি আজি পৰ্যন্ত জামিনৰ পৰা বঞ্চিত কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি শ্ৰীভূমি সংশ্লিষ্ট ব্যৱসায়ীক সন্থা কেইটাই ৷
স্মতৰ্ৱ্য যে ,বাংলা-ভাৰতৰ সীমান্তৰ শ্ৰীভূমি জিলাৰ সীমান্ততে আছে দুটাকৈ আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰ ৷ আছে এটা নদী বন্দৰ ৷ সূতাৰকান্দি বাণিজ্যিক কেন্দ্ৰৰেদি দেশখনলৈ আমদানি- ৰপ্তানি চূনশিল ,চাউল,ৰে’লৱে শ্লীপাৰ সহ কেতবোৰ সামগ্ৰী।
উল্লেখ্য যে,ক্ষুদ্ৰ দেশখন ভাৰতৰ বিহাৰতকৈ সৰু ৷ খাদ্য সামগ্ৰী,খাৰুৱা ,গৃহ নিৰ্মাণ সামগ্ৰী সহ দৈনিক ব্যৱহাৰ্য্য প্ৰায়বোৰ সামগ্ৰী ভাৰতৰ পৰা যোৱা ৷ তদুপৰি প্ৰতিৰক্ষা সামগ্ৰী ,বিদ্যুতৰ ফালৰ পৰাও ভাৰতৰ ওপৰত নিৰ্ভৰশীল ৷ একেদৰে বহু কোটি ডলাৰ ভাৰত চৰকাৰৰ পৰা সুদবিহীনভাৱে লাভ কৰি আহিছে বাংলাদেশে ৷ আনহাতে ভাৰত দেশখনৰ জিনছ উদ্যোগৰ অন্যতম ক্ৰেতা ৷
কিন্তু তাৰ পাছতো বাংলাদশৰ অন্তৱৰ্তীকালীন চৰকাৰখনে গ্ৰহণ কৰা ভাৰত বিদ্বেষীস্থিতি লৈ অহাৰ বাবেই ভাৰতৰ ভিন্ন প্ৰান্তত বাংলাদেশৰ বিৰুদ্ধে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে ৷ তাৰ সমান্তৰালভাৱে প্ৰথম পদক্ষেপ হিচাপে শ্ৰী ভূমিৰ আন্তৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে আমদানি -ৰপ্তানি বন্ধ কৰাৰ যি সিদ্ধান্ত শ্ৰী ভূমিৰ দুটাকৈ সীমান্ত ব্যৱসায়ীয়ে গোষ্ঠীয়ে লৈছে তাৰ বিৰূপ প্ৰভাৱ পৰিব দেশখনত ৷ এনেক্ষেত্ৰত ইউনুছ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰে কি পদক্ষেপ ল’য়ে সেইয়া হ’ব লক্ষণীয় ৷
লগতে পঢ়ক: