আজি তথা ৪ ডিচেম্বৰ তাৰিখে বিবাহপাশত আবদ্ধ হ’ব দক্ষিণৰ ছুপাৰষ্টাৰ নাগা চৈতন্য আৰু সোভিতা ধুলিপালাই । তেলেংগানা জিলাৰ হায়দৰবাদৰ অন্নপূৰ্ণা ষ্টুডিঅ’ত এই আড়ম্বৰপূৰ্ণ বিবাহৰ অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব । নাগা চৈতন্যৰ ককাদেউতাক আক্কিনেনি নাগেশ্বৰ ৰাওৰ দ্বাৰা স্থাপিত এই অন্নপূৰ্ণা ষ্টুডিঅ’টো ।
ইতিমধ্যে নাগা আৰু শোভিতাৰ বিবাহৰ খবৰে সামাজিক মাধ্যমত ব্যাপক তোলপাৰ লগাইছিল । সামান্থা ৰুথ প্ৰভূৰ সৈতে বিবাহ বিচ্ছেদৰ বাতৰিৰ সময়তে নাগা আৰু শোভিতা ধুলিপালাৰ কথা চৰ্চালৈ আহিছিল ৷ আজিৰ দিনটোত হায়দৰাবাদ চহৰখন তাৰকাৰ চহৰলৈ পৰ্যবসিত হ’ব বুলি বহু লোকে চৰ্চা কৰিছে ।এই বিবাহৰ অতিথিৰ তালিকাত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধুবৰ্গকে ধৰি অভিনেতা, পৰিচালক আৰু ক্ৰীড়া ব্যক্তিত্বকে ধৰি বিভিন্ন ক্ষেত্ৰৰ লোক অন্তৰ্ভুক্ত আছে ।
দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ আগশাৰীৰ তাৰকাসকলৰ তালিকাৰ ভিতৰত আছে ষ্টাইলিছ ষ্টাৰ আল্লু অৰ্জুন আৰু তেওঁৰ পৰিয়াল, প্ৰভাস আৰু এছ এছ ৰাজামৌলী। লগতে আক্কিনেনি পৰিয়াল আৰু দগ্গুবাটি পৰিয়ালৰ উপৰিও, চিৰঞ্জীৱীৰ পৰিয়াল, ৰাম চৰণ আৰু উপাসনা কনিডেলাও উপস্থিত থাকিব।
বিবাহৰ পোছাকৰ ক্ষেত্ৰত, সোভিতাই প্ৰকৃত সোণৰ জৰি পৰিপূৰক এক পৰম্পৰাগত কাঞ্জিভাৰাম ৰেচম শাৰী পৰিধান কৰিব বুলি আশা কৰা হৈছে, আনহাতে নাগা চৈতন্যই পৰম্পৰাগত পোছাক ‘পঞ্চ’ পৰিধান কৰিব ।