শীতকাল আৰম্ভ হোৱাৰ লগে লগে আর্দ্রতা হ্রাস পাবলৈ ধৰে আৰু ইয়াৰ প্ৰভাৱ মানৱ ছালত পৰে। শীতত ছাল শুকান হ’বলৈ ধৰে। শৰীৰৰ আন অংশৰ দৰে ভৰিৰ গোৰোহাও শীতত শুকান হৈ ফাটিবলৈ ধৰে। সেয়েহে শীতত ভৰিৰ গোৰোহাৰ বিশেষ যতন লোৱা জৰুৰী। অন্যথা ভৰিৰ গোৰোহা ফাটিব পাৰে। শীতত ভৰিৰ গোৰোহা ফটা এক সাধাৰণ সমস্যা। ভৰিৰ যতন ভালদৰে নল’লে শীতত গোৰোহা ফটা সমস্যাত আপুনি ভুগিব লগাটো তেনেই স্বাভাবিক। শীতৰ সময়ছোৱাত নিজৰ ভৰিৰ গোৰোহা ভালে ৰাখিবলৈ হ’লে আপুনি তলত দিয়া পদ্ধতি অৱলম্বন কৰিব পাৰিব-
# এটা পাত্রত ঠাণ্ডা আৰু গৰম পানী মিহলাই লওক। এতিয়া এই পানীত এচামুচ নিমখ আৰু এপেকেট সৰু পেকেটৰ ছেম্পু মিহলাই লওক। এই পানীত এতিয়া ১০ মিনিট সময়ৰ বাবে আপোনাৰ ভৰি দুখন ডুবাই ৰাখক। এতিয়া ভৰি খন নৰম কাপোৰেৰে মচি চাফা কৰি লওক।
# এডাল মম্ সৰুকৈ টুকুৰা কৰি লওক। ইয়াৰ স’তে দুচামুচ এল’ভেৰা জেল আৰু সৰিহয়ৰ তেল মিশ্ৰণ কৰক। লগত এচামুচ নাৰিকল তেল দিব লাগিব। সকলো উপকৰণক একেলগে মিহলাই এতিয়া গৰম পেনত ঢালি দিয়ক। মিশ্রণ সম্পূর্ণ গলি নোযোৱালৈকে ল’ৰাই থাকক। মিশ্রণ গলি তৰল হ’লে ঠাণ্ডা কৰিবলৈ এটা প্লাষ্টিকৰ পাত্রত ঢালি দিয়ক। ঠাণ্ডা হ’লে এই মিশ্রণ মলমৰ দৰে হ’ব। প্রতি নিশা নিদ্রা গ্ৰহণৰ পূৰ্বে আপুনি ভৰিৰ গোৰোহাাত এই মলম ব্যৱহাৰ কৰক। অৱশ্যে লগতে সপ্তাহত তিনিদন ভৰি পৰিষ্কাৰ কৰিবলৈ নাপাহৰিব।
# দৰাচলতে ছালৰ মৃতকোষ আঁতৰ কৰাৰ ক্ষেত্ৰত নাৰিকল তেলে যথেষ্ট সহায় কৰে। একেদৰে ছালক পুষ্টি যোগান ধৰে এল’ভেৰাই। ছালক মইশ্বৰাইজ আৰু হাইড্রেট কৰাৰ ক্ষেত্ৰতো এল’ভেৰাই সহায় কৰে। উপৰোক্ত দুই পদ্ধতিৰে আপুনি শীতত ভৰিৰ গোৰোহা ফটা সমস্যাৰ পৰা সকাহ লাভ কৰিব পাৰিব অতি সহজে।





























