নলবাৰী জিলা ঘগ্ৰাপাৰ হাইস্কুলত বিগত বৰ্ষৰ দৰে এই বেলিও ছাউথ ঘগ্ৰাপাৰ আইকনচৰ সৌজন্যত অষ্টম বাৰ্ষিক প্রয়াত কৈলাশ চন্দ্র তালুকদাৰ সোঁৱৰণী দিবা-নৈশ টেনিছ বল ক্রিকেট প্রতিযোগিতা আয়োজন কৰা হৈছে । শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা খেলখনৰ দ্বিতীয় দিনাৰ খেল উদ্বোধন কৰে অগপৰ কেন্দ্রীয় সমিতিৰ সম্পাদক তথা বিশিষ্ট সমাজকৰ্মী দিলীপ কুমাৰ দাসে।
অগপ নেতাগৰাকীয়ে খেলখন উদ্বোধন কৰি কয় যে, খেলে দেহ-মন নিৰোগী কৰাৰ উপৰিও কৰ্মসংস্থাপন পোৱাটো সহায়ক হোৱাৰ লগতে গ্রাম্যঞ্চলৰ যুৱক-যুৱতীক উৎসাহিত কৰে। যুৱ ক্রীড়া সংগঠক চুমু ডেকাই আঁত ধৰা অনুষ্ঠানটিত শিক্ষাবিদ মুনীন্দ্র ৰাজবংশী, সমাজকৰ্মী পৰেশ কলিতা, অগপ নেতা দিপক ৰাজবংশী, গিৰিশ হালৈ,ধৰণী দাস,ধলেশ্বৰ বৰ্মন, সমীন ডেকা উপস্থিত থাকে ।
উল্লেখ্য যে, এই খেলত বিজয়ীসকলে প্রথম পুৰস্কাৰ ৩০ হাজাৰ আৰু দ্বিতীয় পুৰস্কাৰ ২০ হাজাৰ টকা লাভ কৰিব । ৩০ ডিচেম্বৰৰ নিশা এই অনুষ্ঠানৰ সামৰণি পৰিব।