মেষ: ব্যস্ততা বৃদ্ধি হ’ব। বন্ধুৰ পৰা সাৱধান। বাকী দিশত দুঃশ্চিতা নাই। বিদ্যাত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
বৃষ: মাতৃ-পিতৃৰ লগত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। কর্মক্ষেত্ৰত নিজৰ দায়িত্ব বৃদ্ধি পাব। নতুন আশাৰে আনৰ লগত কথা পাতি আনন্দ পাব। শুভ ৰং বগা, শুভ সংখ্যা ৬।
মিথুন: দুষ্ট চক্ৰৰ পৰা ধন হানি হোৱাৰ যোগ। অধিক কর্মব্যস্ততা নিয়ন্ত্রণ কৰক। বন্ধু-বান্ধৱৰ লগত দূৰত্ব বজাই ৰাখক। বাহ্যিক কথাত কিছু মানসিক অস্থিৰতা হোৱাৰ সম্ভাৱনা আছে । শুভ ৰং গুলপীয়া, শুভ সংখ্যা ১।
কর্কট: সামুহিক দৃষ্টি খুব উন্নত দেখা নাযায়। কোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বাধা পাব। পেটৰ সামান্য আমনি। প্রাপ্তিৰ সম্ভাৱনা। ভ্রমণৰ যোগ। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৭।
সিংহ: নিজ কর্মত মনোযোগ দিয়ক। সামগ্রিক দিশ ভালেৰেই পাৰ হ’ব। ধন প্ৰাপ্তিৰ সম্ভাৱনা। কর্মস্থানত নতুন দায়িত্ব বৃদ্ধি পাব। যোগ্যজন পুৰস্কৃত হোৱাৰ যোগ। শুভ ৰং কমলা, শুভ সংখ্যা ৪।
কন্যা: আর্থিক উন্নতিৰ মৃদু আভাস। ঘৰুৱা পৰিৱেশ শুভ। বন্ধু-বর্গ বা কোনো আত্মীয়ৰ লগত লেন-দেন নকৰাই ভাল। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৫।
তুলা: আজিৰ দিনটো মোটামুটি বেয়া দেখা নাযায়। দৈহিক সুখ বৃদ্ধিৰ কাৰকতা। কর্মক্ষেত্ৰত খ্যাতি লাভ কৰিব। ব্যৱসায়ত মনোবল অটুট ৰাখিব। দাম্পত্যত অশান্তি। শুভ ৰং বগা, শুভ সংখ্যা ৪।
বৃশ্চিক: আর্থিক কামত আপোনাৰ ভালেই দেখা যায়। কিন্তু মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে। বিদ্যাত বেছি জটিলতা নাই। কর্মত নতুন যোগাযোগ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা-৪।
ধনু: দিনৰ সাত বজাৰ পৰা ব্যক্তিগত উদ্দেশ্যত ব্যস্ত হৈ পৰিব। অনাহক সমস্যাক লৈ সময় নষ্ট নকৰিব। আৱেগক খুব কম স্থান দিয়ক। জ্ঞাতি কুটুম্বৰ লগত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
মকৰ : দিনটো মধ্যম বুলি ধৰিব পাৰে। পিতৃ- মাতৃ তথা দম্পতীৰ ফালৰ পৰা মধ্যম। নতুন কামৰ সন্ধানত যোগাত্মক ফল। শুভ ৰং বগা, শুভ সংখ্যা ৮।
কুম্ভ: মন প্রায় ভাল থাকিব। বিদ্যাত যত্ন ল’ব লাগিব। প্ৰাপ্তিৰ সামান্য আশা। কামৰ বাবে সাময়িক বাধা। ৰাজনীতিবিদৰ সুযশ। শৰীৰ মধ্যম। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫।
মীন: পাৰিবাৰিক উন্নতিৰ কাৰণে চেষ্টা ৰাখক। পিচবেলা কাৰ্যকৰী দিশত আনন্দ লাভ কৰিব পাৰে । ব্যৱসায়ত মজলীয়া ফল পাব। প্রেমত মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৮।