Ashwini Vaishnaw Flagged Off Three Trains:
অসমৰ সংযোগ ব্যৱস্থাত অন্য এক সংযোজন ৷ শুক্ৰবাৰে অসমৰ বাবে তিনি খন নতুন ৰে’ল মুকলি কৰা হয় ৷ মহানগৰীৰ পল্টন বজাৰ স্থিত গুৱাহাটী ৰে’ল ষ্টেচনত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ সভাত কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে গুৱাহাটী- নিউ লখিমপুৰ জনশতাব্দী এক্সপ্ৰেছ, নিউ বঙাইগাঁও- গুৱাহাটী পেছেঞ্জাৰ আৰু তিনিচুকীয়া- নাহৰলগুন এক্সপ্ৰেছ ৰে’ল কেইখন ফ্লেগ-অফ কৰে ৷
কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাষণ প্ৰসংগত কয়, দেশৰ উত্তৰ-পূব অঞ্চল আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ইঞ্জিন৷ এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থাৰ তৰাম্বিত কৰাৰ বাবে এই ইঞ্জিন সদায় সক্ৰিয় হৈ থকাটো নিতান্তই প্ৰয়োজন ৷ আনহাতে বৃহত্তৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন ক্ষেত্ৰত অসমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ ৷ ইয়াৰ বাবে তৰুণ প্ৰজন্মৰো দায়িত্বও অপৰিসীম ৷
অনুষ্ঠানত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়,নতুন বৰ্ষটোৰ প্ৰাৰম্ভনীতে কেন্দ্ৰীয় মন্ত্ৰী গৰকীয়ে যি উপহাৰ উত্তৰ-পূবক দিলে তাৰ বাবে বহু ধন্যবাদ দি কয়,অহা ২৫ ফেব্ৰুৱাৰীত ‘এডভান্স আসাম’ বিশেষ অনুষ্ঠানলৈ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীক নিমন্ত্ৰণ জনায় ৷
আন এক প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, ২০৪৭ চনত বিকশিত অসম নিৰ্মাণ যি সপোন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেখিছে সেইয়া বাস্তৱায়িত হ’ব ৷ একেদৰে অসমত প্ৰযুক্তিবিদ্যা খণ্ডত ন ন উদ্যোগ স্থাপনৰ পৰিকল্পনা লোৱা হৈছে ৷ ইতিমধ্যে ইয়াৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে জাগীৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য যুদ্ধকালীন গতিৰে আৰম্ভ হৈছে ৷ জাগীৰোডতে অচিৰেই স্থাপন হ’ব এন আই এল আই টি বিশ্ববিদ্যালয় ৷ বিশ্ববিদ্যালয় খন ভাৰত ৰত্ন ড:ভূপেন হাজৰিকাৰ নামৰে নামাকৰণ কৰা হ’ব ৷
এই বিশ্ববিদ্যালয়ৰ এঘাৰটা চৌহত থাকিব সমগ্ৰ দেশতে ৷ ইয়াৰে এটা চৌহদ হ’ব জাগীৰোডত ৷ এই বিশ্ববিদ্যালয়ত শিক্ষা দিয়া হ’ব তথ্য প্ৰযুক্তি আৰু ইলেক্ট্ৰনিকচৰ পাঠ্যক্ৰমৰ ৷ একেদৰে শিক্ষা দিয়া হ’ব ইলেক্ট্ৰনিক সামগ্ৰী নিৰ্মাণৰ ৷ শীৰ্ঘ্ৰেই ছেমি কণ্ডাক্টৰ পাৱাৰ হাউচলৈ ৰূপান্তৰিত হ’ব ভাৰত ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, হোজাই জিলাৰ লামডিঙত ইতিমধ্যেই আৰম্ভ হৈছে ড্ৰাবল টেকৰ ৰে’ল লাইন ৷
উল্লেখ যে,এই অনুষ্ঠানতে তেতেলীয়া ৰেলৱে উৰণ সেতু জনসাধাৰণৰ বাবে উৎসৰ্গা কৰে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৷
অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আৰ্চায ,কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি সহ এনএফ ৰে’লৱে জ্যেষ্ঠ বিষয়া উপস্থিত থাকে ৷