পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন বিভাগৰ ধাৰাবাহিক অভিযান। অবৈধ বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে বন বিভাগে অব্যাহত ৰাখিছে এই অভিযান। ইখনৰ পিছত সিখন বালিভৰ্তি বাহন জব্দ কৰিছে বন বিভাগে ।
দেওবাৰে নিশা অবৈধভাৱে হোজাইলৈ বালি সৰবৰাহ কৰা এখন AS 31C 0429 নম্বৰৰ বালিভৰ্তি ডাম্পাৰ জব্দ কৰে খেৰণি বন বিভাগে। আনহাতে ইয়াৰ এদিনৰ পূৰ্বে শনিবাৰেও চালানবিহীনভাৱে বালি সৰবৰাহ কৰা দুখন বালিভৰ্তি বাহন জব্দ কৰিছিল খেৰণি বন বিভাগে।
এতিয়া এনেদৰে ৰাজহ ফাঁকি দি বালি সৰবৰাকাৰীয়ে বৃহত্তৰ খেৰণিত চলাইছে বালিৰ ৰমৰমীয়া বেহা। আনহাতে বালি মহলৰ কোনো নথি-পত্ৰ অথবা অনুমতি নোহোৱাকৈও একাংশ ব্যৱসায়ীয়ে অবাধে কপিলীৰ বুকুত খনন চলাই বালি সৰবৰাহ কৰি বেহা চলাই আহিছে বুলি উদ্বেগজনক তথ্য পোহৰলৈ আহিছে।