বৃহস্পতিবাৰে বলীউডৰ অভিনেতা ছৈয়ফ আলী খানক ঘৰত সোমাই চোকা অস্ত্ৰৰে আক্ৰমণ কৰে দুৰ্বৃত্তই ৷ প্ৰাপ্ত খবৰ অনুসৰি পুৱা প্ৰায় ৪ বজাত ছৈয়ফ আলী খানৰ বান্দ্ৰাস্থিত বাসগৃহত কোনো অচিনাকে লোকে ডকাইতি কৰিবলৈ আহোতে অভিনেতাগৰাকীৰ সৈতে হতাহতি হোৱাত ডকাইতিটোৱে ছয়বাৰকৈ চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ তাৰ পিছতে ততাতৈয়াকৈ অভিনেতাগৰাকীক মুম্বাইৰ লীলাৱতী হাস্পতালত অস্ত্ৰোপচাৰ কৰি থকা হৈছিল ।
এই অস্ত্ৰোপচাৰৰ পিছতে অভিনেতাগৰাকীৰ মেৰুদণ্ডৰ পৰা ২.৫ ইঞ্চি দীঘল ছুৰীৰ অংশ উদ্ধাৰ কৰা হৈছে ।
লীলাৱতী চিকিৎসালয়ৰ ডাঃ নীতিন ডাংগেৰ মতে, সম্প্ৰতি ছৈয়ফ আলী খান সংকটজনক অৱস্থাৰ পৰা সুস্থ অৱস্থালৈ ঘূৰি আহিছে । ছৈয়ফ আলী খান এতিয়া সম্পূৰ্ণৰূপে সুস্থিৰ।
লীলাৱতী চিকিৎসালয়ৰ এক সূত্ৰই কোৱা অনুসৰি, আক্ৰমণৰ পিছত ছৈয়ফ আলী খানৰ মুখ আৰু শৰীৰৰ অংশত একাধিক আঘাতৰ চিন দেখা গৈছিল । অভিনেতাজনৰ হাত আৰু ডিঙিসহ কেইবাটাও অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ।