RG Kar Case Verdict:
দেশ কপোঁৱা কলকাতাৰ চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযুক্ত সঞ্জয় ৰয়ক দোষী সাব্যস্ত শিয়ালদহ আদালতৰ । প্ৰায় ৫ মাহৰ অন্তত কলকাতাৰ আৰ জি কৰ হাস্পতালৰ প্ৰশিক্ষাৰ্থী চিকিৎসকক নৃশংসভাৱে ধৰ্ষণ আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত নাগৰিক স্বেচ্ছাসেৱক সঞ্জয় ৰয়ক কলকাতাৰ শিয়ালদহ আদালতে শনিবাৰে দোষী সাব্যস্ত কৰিছে। সঞ্জয় ৰয়ক ভাৰতীয় ন্যায় সংহিতাৰ ৬৪ (ধৰ্ষণ), ৬৬ (ধৰ্ষণ কৰি হত্যা) আৰু ১০৩ (১) (হত্যা) ধাৰাত দোষী সাব্যস্ত কৰা হৈছে। ন্যায়াধীশ অনিৰ্বাণ দাসে ২২০ নম্বৰ আদালতৰ কক্ষত এই ৰায়দান কৰে।
উল্লেখযোগ্য যে, অহা সোমবাৰে দোষী সঞ্জয় ৰয়ৰ শাস্তিৰ পৰিমাণ ঘোষণা কৰা হ’ব বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আদালতত কান্দি কান্দি ভাঙি পৰিছে সঞ্জয়ৰ পিতৃ । আদালতত সঞ্জয়ে নিজকে নিৰ্দোষী সাব্যস্ত কৰিবলৈ চেষ্টা কৰি কয়, “মই এই ঘটনা কৰা নাই। যিসকলে এই ঘটনা সংঘটিত কৰিছিল তেওঁলোকক কিয় যাবলৈ অনুমতি দিয়া হৈছে?” জানিব পৰামতে সোমবাৰে সঞ্জয়ক আদালতত আত্মপক্ষৰ সমৰ্থনত কোৱা সুযোগ দিব আদালতে ।
বৰ্তমান কলকাতাৰ প্ৰেচিডেন্সি কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে সঞ্জয় ৰয় । সঞ্জয়ে প্ৰতিদিনে নিজকে দোষী বুলি দাবী কৰি অহাৰ লগতে তেওঁ ষড়যন্ত্ৰৰ বলি হৈছে বুলি দাবী কৰি আহিছে ।
এই ঘটনাৰ প্ৰাথমিক অনুসন্ধানত সঞ্জয়ৰ পৰিয়ালৰ লোকে দাবী কৰে যে, তেওঁ অকলে এই ঘটনা সংঘটিত কৰা নাই, এই ভয়ংকৰ ঘটনাৰ অন্য লোকো জড়িত হৈ আছিল । পৰিয়ালৰ লোকে এই ঘটনাৰ অধিক তদন্ত বিচাৰি আদালতত আবেদন দাখিল কৰিছে।