Begging Prevention:
পথৰ দাঁতিত ভিক্ষা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হ’ল এজন যুৱক। মধ্য প্ৰদেশত এইটো প্ৰথমবাৰৰ বাবে ভিক্ষা নিষিদ্ধকৰণ আইন কাৰ্যকৰী কৰা হৈছে। এই আইনখন ১৯৭৩ চনৰ পৰা ৰাজ্যখনত বলবৎ হৈ আছে।
শেহতীয়াকৈ, এজন ব্যক্তিয়ে আৰক্ষী থানাত যুৱকজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। সেই অভিযোগৰ ভিত্তিত পদক্ষেপ লৈছে আৰক্ষীয়ে ।
মধ্য প্ৰদেশৰ আৰক্ষী উপায়ুক্ত সঞ্জয় আগৰৱালে জনাইছে যে এমপি নগৰ আৰক্ষী থানা এলেকাত এজন ভিক্ষাৰীৰ বিৰুদ্ধে এটা অভিযোগ পঞ্জীয়ন কৰা হয় ।
তেওঁ ভূপালৰ বোৰ্ড অফিচৰ চিগনেলত ৰখাই থোৱা এখন গাড়ীত ভিক্ষা কৰি আছিল। অভিযোগকাৰীজনে জনাই যে যেতিয়া যুৱকজনে ভিক্ষা কৰিবলৈ আহিছিল, তেওঁ ভিক্ষা কৰাৰ কাৰণ সুধিছিল। তেওঁ অন্য কাম কৰি উপাৰ্জন কৰিবলৈও পৰামৰ্শ দিয়ে। কিন্তু ভিক্ষাৰী যুৱকজনে কয় যে তেওঁ আন কোনো কাম কৰিব নোৱাৰে। ভিক্ষা কৰিয়ে চলিব । যুৱকজনৰ এই বক্তব্য শুনিয়ে লোকজনে তেওঁৰ বিৰুদ্ধে আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
অভিযোগ লাভ কৰাৰ পাছতে মধ্যপ্ৰদেশ ভিক্ষা প্ৰতিৰোধ আইনৰ অধীনত এক গোচৰ ৰুজু কৰে আৰক্ষীয়ে। সেই বিশেষ ট্ৰেফিক চিগনেলৰ সন্মুখতে গ্ৰেপ্তাৰ কৰা হয় যুৱকজনক।
উপায়ুক্তজনে জনাইছে যে , ভিক্ষাবৃত্তি প্ৰতিৰোধৰ বিষয়ে আৰক্ষী সক্ৰিয়। বহু সময়ত ভিক্ষাৰীৰ ভাও জোৰা একাংশ লোকে চিগনেলত থিয় হৈ থকা বাহনৰ সন্মুখত হাত জোকাৰি থকাৰ অভিযোগ উত্থাপন হয়। এনে অভিযোগৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে।
১৯৭৩ চনত, মধ্য প্ৰদেশত ভিক্ষা প্ৰতিৰোধ আইন অনা হয়। ইয়াত কোৱা হৈছে , যিসকল ব্যক্তিয়ে ভিক্ষা কৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত কামৰ প্ৰশিক্ষণ দিয়া হ’ব আৰু তাৰ ওপৰত ভিত্তি কৰি নিৰ্ভৰশীলসকলক কৰ্মসংস্থাপন দিয়া হ’ব।