Washington Plane Crash:
আমেৰিকাৰ ৱাশ্বিংটন ডি চিৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত আকাশৰ মাজত সংঘৰ্ষ হয় আমেৰিকান এয়াৰলাইন্সৰ এখন হেলিকপ্টাৰ ।
বিমানখন বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে সংঘটিত হয় এই দুৰ্ঘটনা। সন্মুখৰ পৰা আহি থকা আমেৰিকান আৰ্মিৰ ব্লেকহক হেলিকপ্টাৰৰ স’তে সংঘৰ্ষত লিপ্ত হয়।
ইয়াৰ পাছত দুয়োখনেই নদীত পৰে । বিমানখনৰ স’তে সংঘৰ্ষ হোৱা হেলিকপ্টাৰখন আছিল চিৰ’স্কি এইচ-৬০ হেলিকপ্টাৰ।
তথ্য অনুসৰি, যাত্ৰীবাহী বিমানখন আছিল এখন সৰু বিমান, য’ত ৬৫ জন লোকৰ বহাৰ ক্ষমতা আছে। উল্লেখ্য যে ,দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৬০ জন যাত্ৰী আছিল। প্ৰথম অৱস্থাত এই প্ৰতিবেদন লিখালৈকে ১৮ জন লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে।
কেনছাছৰ পৰা ৱাশ্বিংটনলৈ উৰা মাৰিছিল বিমানখন। বিমান কোম্পানীটোৱে এক বিবৃতি প্ৰকাশ কৰি কয় যে পি এছ এৰ দ্বাৰা পৰিচালিত আমেৰিকান ঈগল ফ্লাইট ৫৩৪২ কানছাছৰ পৰা ৱাশ্বিংটনৰ ৰেগান ৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ তথ্য লাভ কৰিছে। ইফালে এই দুৰ্ঘটনাৰ পাছত তৎকালীনভাৱে বিমানবন্দৰত বিমান সেৱা বন্ধ কৰি দিয়া হৈছে।