Union Budget 2025 :১২ লাখ টকা পৰ্যন্ত আয়কৰ ৰেহাই!
- বাজেটত মধ্যবিত্ত শ্ৰেণীৰ বাবে নিৰ্মলাৰ ডাঙৰ ঘোষণা
- বাজেট ভাষণত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ডাঙৰ ঘোষণা। নতুন কৰ গাঁথনি অনুসৰি ১২ লাখ টকা পৰ্যন্ত সাধাৰণ আয়ৰ ওপৰত কোনো আয়কৰ প্ৰদান কৰা নহ’ব।
- কিন্তু এই আয়ত যদি মূলধনী লাভ হয়, তেন্তে এই ৰেহাই প্ৰযোজ্য নহ’ব।
- বাজেট ভাষণত নিৰ্মলা সীতাৰমণে কয় যে অহা সপ্তাহত কেন্দ্রই নতুন আয়কৰ আইনখন আনিব। আইনখনে ন্যায়সংহিতাৰ দৰে ‘ন্যায়’ৰ ওপৰতো গুৰুত্ব দিব।
- কৰ গাঁথনিৰ অধিক সৰলীকৰণ হ’ব। নতুন আয়কৰ আইন সৰল ভাষাত লিখা হ’ব। যাতে কৰদাতা আৰু কৰদাতা উভয়েই লাভান্বিত হয়। কেৱাইচি প্ৰক্ৰিয়াসৰলীকৰণ কৰা হ’ব।
ADVERTISEMENT