ভাৰতৰ ওপৰত মাৰ্কিন চাপ বৃদ্ধিৰ শংকা
মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ হুংকাৰ একপ্ৰকাৰ নতশিৰে নতুন দিল্লীয়ে মানি লোৱাৰ ইংগিত স্পষ্ট হৈছে। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বৰে পৰা ট্রাম্পে ভাৰতকে ধৰি বিভিন্ন দেশত উৎপাদিত সামগ্ৰীৰ ওপৰত আমদানি শুল্ক বৃদ্ধিৰ হুংকাৰ দি আহিছে।
কেৱল সেয়াই নহয়, এই হুংকাৰ কাৰ্যকৰী কৰি তেওঁ চীন আৰু কানাডাৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰলৈ আমদানি কৰা বিভিন্ন সামগ্ৰীত মাত্রাধিক শুল্ক আৰোপ কৰিছে। অৱশ্যে মেক্সিক’ আৰু কানাডা চৰকাৰৰ স’তে হোৱা আলোচনামর্মে ট্রাম্পে এমাহৰ বাবে এই শুল্ক বৃদ্ধি স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে৷
আনহাতে, ভাৰতে মার্কিন সামগ্ৰীত আমদানি শুল্ক হ্ৰাস কৰিছে। যোৱা পহিলা ফেব্ৰুৱাৰীত সংসদত কেন্দ্রীয় বিত্তমন্ত্রী নিৰ্মলা সীতাৰমণে দাখিল কৰা আগন্তুক ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেটত আমদানিকৃত মার্কিন সামগ্ৰীত শুল্ক হ্রাস কৰিছে।
ফলস্বৰূপে ভাৰতত মার্কিন প্রতিষ্ঠান হার্লে ডেভিডছনৰ দুচকীয়া বাহন, সৰু যাত্রীবাহী গাড়ী আদিৰ দাম হ্ৰাস পাব। আনহাতে, সামৰিক বিমানত তুলি ট্রাম্প প্রশাসনে ভাৰতীয় অনুপ্ৰৱেশকাৰীক বিতাড়ন কৰা কাৰ্য নতুন দিল্লীয়ে সহজভাৱে গ্ৰহণ কৰিছে।
অথচ সমস্যাজর্জৰ দেশ কলম্বিয়াই মার্কিন প্রশাসনে সামৰিক বিমান অনুপ্ৰৱেশকাৰীক বিতাড়নক গৰিহণা দিছে। কেৱল সেয়াই নহয়, দেশখনে অনুপ্ৰৱেশকাৰী কঢ়িয়াই নিয়া দুখন মার্কিন সামৰিক বিমানক কলম্বিয়াৰ ভূমিত অৱতৰণ কৰিবলৈ নিদি ঘূৰাই পঠিয়ায়।
ইয়াৰ বিপৰীতে ভাৰতে সামৰিক বিমানেৰে অনা ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক আদৰি লৈছে। গতিকে মোদীয়ে ট্রাম্পৰ কাৰ্য বিনা বাক্যব্যয়ে মানি লোৱাৰ আভাস স্পষ্ট হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মোদীয়ে ৰাষ্ট্ৰপতি ট্রাম্পক তুষ্ট কৰাত নামি পৰা বুলি একাংশই মন্তব্য কৰিছে।
ইয়ে ভৱিষ্যতে ভাৰতৰ ওপৰত মাৰ্কিন প্ৰশাসনৰ চাপ বৃদ্ধিত অৰিহণা যোগাব নেকি বুলি চৰ্চা হৈছে। উল্লেখ্য যে কেন্দ্রীয় বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি, বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষত ১০খন দেশৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি বৃদ্ধি পায়।
এই ১০খন দেশৰ মাজত আমেৰিকা যুক্তৰাষ্ট্ৰ নাই। এই তথ্য অনুসৰি, ভাৰতৰ বৃহত্তম বাণিজ্যিক সহযোগী হৈছে চীন। আনকেইখন দেশ হৈছে ৰাছিয়া, ইৰাক, ছৌদি আৰব, ইণ্ডোনেছিয়া, দক্ষিণ কোৰিয়া, সংযুক্ত আৰব আমিৰশ্বাহী, হংকং আৰু ছিংগাপুৰ।
অৰ্থাৎ উক্ত ১০খন দেশৰ পৰা ভাৰতে আমদানি কৰা সামগ্ৰীৰ মূল্য, দেশকেইখনলৈ ৰপ্তানি কৰা সামগ্ৰীৰ মূল্যতকৈ অধিক। গতিকে এই ১০ দেশৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি আছে। অর্থাৎ ৰপ্তানিতকৈ আমদানিৰ পৰিমাণ অধিক।
আনহাতে, বিত্ত মন্ত্রণালয়ৰ তথ্য অনুসৰি, আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ পৰা যিমান মূল্যৰ সামগ্ৰী আমদানি কৰে, তাতকৈ কম মূল্যৰ সামগ্ৰী দেশখনৰ পৰা ভাৰতে আমদানি কৰে। বিত্ত মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২০২৩-২৪ত ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ কমেও ৭,৫৮০ কোটি ডলাৰ অৰ্থাৎ প্রায় ছয় লাখ ৫৯ হেজাৰ ৬৬০ কোটি টকাৰ সামগ্ৰী ৰপ্তানি কৰে।
ইয়াৰ বিপৰীতে বিত্তীয় বৰ্ষটোত দেশে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ৪,০১০ কোটি ডলাৰ অৰ্থাৎ প্ৰায় ৩,৪৮,৮৭০ লাখ কোটি টকাৰ সামগ্ৰী আমদানি কৰে। গতিকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে ভাৰতৰ বাণিজ্যিক ঘাটি নাই। ইয়াৰ বিপৰীতে ভাৰতৰ স’তে দেশখনৰ দুই লাখ কোটিৰো অধিক টকাৰ বাণিজ্যিক ঘাটি আছে।
ইয়াৰ পৰিপ্ৰেক্ষিতত ট্রাম্পে ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ স’তে বাণিজ্যিক ঘাটি সৃষ্টিত বাধ্য কৰোৱাৰ লক্ষ্য ল’ব পাৰে বুলি চৰ্চা হৈছে। ইয়াৰ বিপৰীতে মোদীয়ে ট্রাম্পক বর্তমানেও বন্ধুৰ মৰ্যাদা দি আহিছে। শেহতীয়া সময়তো বিভিন্ন উপলক্ষে তেওঁ সামাজিক মাধ্যমত দিয়া প’ষ্টত ট্রাম্পক বন্ধ বুলিয়ে আখ্যা দিয়ে।
মোদীৰ এনে আচৰণ বহুতৰ বাবে এক নুবুজা সাঁথৰতো পৰিণত হৈছে। উল্লেখ্য যে স্বয়ং বিজেপি নেতা ড°সুব্রহ্মমণিয়ম স্বামীয়েও ট্রাম্পৰ যোৱা ২০ জানুৱাৰীৰ শপতগ্রহণ অনুষ্ঠানলৈ প্রধানমন্ত্রী মোদীক নিমন্ত্রণ নজনোৱাক লৈ তীব্র প্রতিক্রিয়া প্রকাশ কৰি আহিছে।