ৰাইজৰ ৰায় মানি বিজেপিলৈ অভিনন্দন!
আশাকৰোঁ তেওঁলোকে ৰাইজৰ আশা পূৰণ কৰিব: কেজৰিৱাল
কোনো লাভৰ উদ্দেশ্য লৈ কেতিয়াও ৰাজনীতিত অহা নাছিল। মানুহৰ বিচাৰ-বিবেচনাই ক্ষতিগ্ৰস্ত কৰিছে ।
দিল্লীত পৰাজয়ৰ পাছত এই মন্তব্য আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ । আগন্তুক দিনত দিল্লীত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিব বুলিও তেওঁ কয়।
নিৰ্বাচনত পৰাজিত হোৱা স্বত্বেও কেজৰিৱালে দিল্লীত আপ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমক অভিবাদন জনালে ।
বিধানসভা নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ পাছত কেজৰিৱালে সামাজিক মাধ্যমত এটা ভিডিঅ’ বাৰ্তা প’ষ্ট কৰে ।
,”তেওঁ কয় যে দিল্লীৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছে। আমি ৰাইজৰ এই বিচাৰ গ্ৰহণ কৰিছো। বিজেপিক জয়ী হোৱাৰ বাবে অভিনন্দন। মই আশা কৰোঁ তেওঁলোকে সেই প্ৰত্যাশাবোৰ পূৰণ কৰিব যাৰ বাবে জনসাধাৰণে তেওঁলোকক ভোট দিছে। ’’
দিল্লীত আপৰ প্ৰদৰ্শন বিশ্লেষণ কৰি কেজৰিৱালে কয়, “আমি যোৱা ১০ বছৰত যথেষ্ট কাম কৰিছো। দিল্লীত, আমি শিক্ষা, স্বাস্থ্য, পানীৰ ক্ষেত্ৰত জনসাধাৰণৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ চেষ্টা কৰিছো। ”
আমি ৰাষ্ট্ৰীয় ৰাজধানীৰ আন্তঃগাঁথনি উন্নত কৰাৰ চেষ্টা কৰিছো। এতিয়া, দিল্লীৰ জনসাধাৰণৰ আদেশ অনুসৰি, আমি ইয়াত গঠনমূলক বিৰোধীৰ ভূমিকা পালন কৰিম।
ইয়াৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ,আমি সমাজ আৰু জনসাধাৰণৰ স্বাৰ্থত কাম কৰি যাম। মানুহৰ সুখ-দুখৰ কাষত থাকিম। মই কোনো লাভৰ আশাৰে ৰাজনীতিত অহা নাছিলো।
ৰাজনীতি হৈছে মানুহৰ বাবে কাম কৰাৰ এটা উপায়। মই সেয়া কৰি যাম । সকলো এএপি কৰ্মীক অভিনন্দন আৰু ধন্যবাদ। তেওঁলোকে এই নিৰ্বাচনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে। ”
উল্লেখ্য যে,বিদায়ী মুখ্যমন্ত্রী আতিশিয়ে নিজে জয়ী হ’লেও দলৰ পৰাজয় মানি লৈ মন্তব্য কৰে৷ কলকাজী সমষ্টিত জয়লাভ কৰাৰ পাছত তেওঁ কয় যে ,”আমি মানুহৰ ৰায় মানি লৈছো। মই জিকিলোঁ, কিন্তু এইটো উদযাপনৰ সময় নহয়। বিজেপিৰ বিৰুদ্ধে আমাৰ যুঁজ অব্যাহত থাকিব।”
২০১৩ চনত প্ৰথমবাৰৰ বাবে দিল্লীত কেজৰিৰ দল ক্ষমতালৈ আহিছিল। একেৰাহে তিনিবাৰ (প্ৰথমবাৰ ৪৮ দিন) ৰাজধানীৰ মুখ্যমন্ত্ৰী হৈছিল।
আবকাৰী দুৰ্নীতিৰ গোচৰত কেজৰীক গ্ৰেপ্তাৰ কৰিলে ইডিয়ে। বহুদিন জেলতো আছিল মন্ত্ৰীগৰাকী। তথাপিও মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা নাছিল। পাছত আদালতৰ নিৰ্দেশ অনুসৰি,কেজৰিৱালে ছেপ্টেম্বৰ ২০২৪ ত তে চকী ত্যাগ কৰে। উল্লেখ্য যে, তাৰ পাছতে আতিশী মাৰ্লেনা দিল্লীৰ মুখ্যমন্ত্ৰী হয়।