বিধানসভাত প্ৰৱেশ কৰাৰ লগে লগে কেজৰিৱালৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা লোৱাৰ সকীয়নি মোডীৰ
দিল্লীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত উল্লাস।এই সুখৰ জোৱাৰ নুবোৱাকৈ নো কেনেকৈ থাকে ?? আঢ়ৈ দশকৰ পাছত বিজেপিৰ দখললৈ আহিল দিল্লী । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও নতুন দিল্লীৰ দলীয় মুখ্য কাৰ্যালয়ত আহি উপস্থিত হৈছে। লগতে বহু বিষয়া আৰু বহু নেতাৰো সমাগম ঘটিছে।
মোডীয়ে দিল্লী নিৰ্বাচনৰ এক মুখ্য কাৰক ‘যমুনা’ক প্ৰণাম জনাই ভাষণ আৰম্ভ কৰে । দিল্লীবাসীয়ে
‘আপদ বিদায়’ কৰিছে বুলিও আপক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।
তেঁওৰ দাবী ,আঢ়ৈ দশকৰ পাছত দিল্লীত এয়া কোনো সাধাৰণ জয় নহয়। বৰঞ্চ, ই এক ঐতিহাসিক জয়।
কিন্তু এইটো কেৱল জনগণৰ ৰায়ে নহয়। মোডীয়ে দিল্লী বিজেপি নেতা আৰু কৰ্মীসকলৰ অক্লান্ত পৰিশ্ৰমৰ বিষয়েও কয় । তেওঁ কয়,”এই জয়ৰ পাছত দিল্লী বিজেপিৰ নেতা আৰু কৰ্মীসকলৰো হাত আছে। তেওঁলোকৰ অক্লান্ত পৰিশ্ৰমৰ বাবে এই দিনটো আহিছে ।”
ইয়াৰ পাছতে মোডীয়ে আপৰ ফালে আঙুলিয়াই কয়, “তেওঁলোকে দিল্লীৰ মালিক বুলি দাবী কৰি সাধাৰণ জনতাক অহংকাৰ দেখুৱাইছিল।কিন্তু আজি ৰাইজে স্পষ্ট কৰি দিলে যে দিল্লীৰ প্ৰকৃত মালিক কোন। ইয়াত জনতাই সকলো।”
২০১৪ চনৰ পৰা ২০২৪ চনলৈ, প্ৰতিটো লোকসভা নিৰ্বাচনত, দিল্লীৰ ৰাইজে কেতিয়াও বিজেপিক বিশ্বাসঘাতকতা কৰা নাই।
উল্লেখ্য যে, আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্য কাৰ্যালয়ৰ পৰা আপৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে। তেওঁ কেজৰিৱালৰ দলটোক ‘বিশ্বাসঘাটকতা’ বুলি অভিহিত কৰে। তেওঁৰ ভাষাত ‘দুৰ্নীতি বিৰোধী আন্দোলনৰ জৰিয়তে যি দলৰ সৃষ্টি হৈছিল, সেই দলটোৱেই দুৰ্নীতিৰ লগত জড়িত হৈ পৰিছে ।
তাৰে এজনৰ পাছত মন্ত্ৰীজন জেললৈ গ’ল। সঁচাকৈয়ে দিল্লীৰ জনসাধাৰণৰ প্ৰতি কৰা প্ৰতাৰণা।
আপৰ দিনটো ‘চমু ছাপিছে’ বুলিও তেওঁ সতৰ্কবাণী দিয়ে । তেওঁ দাবী , ‘ দিল্লীৰ বিধানসভালৈ আহিলেই, আপৰ সকলো দুৰ্নীতি উদঙাই দিব । অতি শীঘ্ৰে CAG ৰিপৰ্টও দাখিল কৰা হ’ব।