Mysore Incident :
কৰ্ণাটকৰ মহীশূৰত দিল্লীৰ বুৰাৰী ঘটনাৰ পুনৰাবৃত্তি । একেটা পৰিয়ালৰ চাৰিজন সদস্যৰ ৰহস্যজনক মৃত্যুয়ে অঞ্চলটোত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
সোমবাৰে পুৱা মহীশূৰৰ এটা এপাৰ্টমেণ্টৰ পৰা ব্যৱসায়ী চেতন, তেওঁৰ পত্নী, পুত্ৰ আৰু মাতৃৰ মৃতদেহ উদ্ধাৰ কৰা হয়। পৰিয়ালটোৱে আত্মহত্যা কৰিছে !নে কোনোবাই তেওঁলোকক হত্যা কৰিছে? কৰ্ণাটক আৰক্ষীয়ে বিষয়টো তদন্ত কৰিছে।
আৰক্ষীয়ে জনোৱা অনুসৰি, চেতনে মৃত্যুৰ আগতে তেওঁৰ পৰিয়ালৰ স’তে এটা মন্দিৰত পূজা কৰিবলৈ গৈছিল। তাৰ পৰা উভতি অহাৰ পাছত, তেওঁলোকে একেলগে ৰাতিৰ আহাৰ গ্ৰহণ কৰে। পুৱা প্ৰায় চাৰি বজাত, চেতনে তেওঁৰ আমেৰিকাৰ ভাতৃ ভাৰতক ফোন কৰে । ফোনত তেওঁ ভাৰতক জনাই যে তেওঁৰ পৰিয়ালৰ স’তে আত্মহত্যা কৰিবলৈ ওলাইছে ।
ভাৰতে তেওঁক কিবা কোৱাৰ আগতেই সিফালৰ পৰা ফোনটো কাটি দিয়ে। ভাৰতে লগে লগে চেতনৰ এজন আত্মীয়ক ফোন কৰি তেওঁক চেতনৰ ঘৰলৈ যাবলৈ কয়। যেতিয়া তেওঁলোক চেতনৰ ঘৰত উপস্থিত হয়, তেতিয়ালৈকে গোটেই পৰিয়ালটোৱে আত্মহত্যা কৰিছে।
দুৰ্ঘটনাটোৰ বিষয়ে খবৰ পোৱাৰ পাছত বিদ্যাৰণ্যপুৰম আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষী আয়ুক্ত আৰু উপায়ুক্ত তাত উপস্থিত আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘৰটোৰ পৰা এটা চুইচাইড নোট উদ্ধাৰ কৰা হৈছে। সন্দেহ কৰা হৈছে যে চেতনে ঘৰৰ সকলোকে বিহ দিয়াৰ পাছত নিজে চিপ লৈ আত্মহত্যা কৰে ৷ সকলো মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
ইফালে, স্থানীয় সূত্ৰ অনুসৰি, যান্ত্ৰিক অভিযন্তা চেতনে কামৰ বাবে মধ্য প্ৰাচ্যত দীৰ্ঘদিন অতিবাহিত কৰিছে। চুবুৰীয়াসকলৰ স’তে তেওঁৰ ভাল সম্পৰ্ক আছিল। প্ৰাথমিক ভাৱে আৰক্ষীৰ অনুসন্ধানকাৰী দলে সন্দেহ কৰে যে চেতন হয়তো এক বৃহৎ ঋণত জড়িত আছিল যাৰ বাবে তেওঁ এই সিদ্ধান্ত গ্ৰহণ কৰে। কিয় এই আত্মহত্যা কৰা হ’ল তাৰ তদন্ত অব্যাহত আছে ।