Toronto Airport:
কানাডাৰ টৰন্টো বিমানবন্দৰত বিমান দুৰ্ঘটনা। ডেল্টা এয়াৰলাইন্সৰ এখন বিমান অৱতৰণৰ সময়ত ওলোটা হৈ ৰাণৱেত খুন্দা মাৰে। প্ৰথমে ৰাণৱেত বৰফ জমা হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত ৭৬ জন যাত্ৰী আৰু চাৰি জন ক্ৰু মেম্বাৰ উপস্থিত আছিল। তেওঁলোকৰ ভিতৰত ১৮ জনলোক আহত হৈছে ।
তথ্য অনুসৰি,ডেল্টা এয়াৰলাইনছৰ এই বিমানখন মিনিয়াপলিছৰ পৰা টৰণ্টোলৈ উৰা মাৰিছিল। অৱশ্যে, অৱতৰণৰ সময়ত, বিমানখনে কেনেবাকৈ নিয়ন্ত্ৰণ হেৰুৱাই ৰানৱেত ওলোটাই পৰে। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পাছত উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হয়। যাত্ৰীসকলক উদ্ধাৰ কৰা হৈছে । দুৰ্ঘটনাটোৰ কেবাটাও ভিডিঅ’ ইতিমধ্যেই পোহৰলৈ আহিছে।
এটা ভিডিঅ’ত বিমানখন বৰফৰ ওপৰত অৱতৰণ কৰা দেখা গৈছে। মুহূৰ্ততে, বিমানখনৰ পৰা ক’লা ধোঁৱা ওলাই অহাৰ লগতে জুই লগা দেখিবলৈ পুৱা গৈছে । ঘটনাস্থলীত উপস্থিত হৈ অগ্নিনিৰ্বাপক বাহিনীয়ে দ্ৰুততাৰে জুই নিয়ন্ত্ৰণ কৰে। বিমানবন্দৰ কৰ্তৃপক্ষই জনাইছে যে দুৰ্ঘটনাৰ পাছতে বিমানবন্দৰত সকলো বিমান বন্ধ কৰি দিয়া হৈছে।
ডেল্টা এয়াৰ লাইনছে এক্স হেণ্ডেলত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য প্ৰকাশ কৰিছে। ডেল্টা এয়াৰলাইনছ ৪৮১৯ সোমবাৰে স্থানীয় সময় অনুসৰি দুপৰীয়া ২:১৫ বজাত টৰণ্টো বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখন মিনিয়াপলিছ-ছেইণ্ট পল বিমানবন্দৰৰ পৰা টৰণ্টোলৈ উৰা মাৰিছিল। প্ৰাথমিক ভাৱে, দুৰ্ঘটনাটোত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই যদিও ১৮ জন যাত্ৰী আহত হৈছে ।