MahaKumbh:মহাকুম্ভ মহিলাৰ গা ধোৱাৰ ভিডিঅ’ বিক্ৰী হৈছে সামাজিক মাধ্যমত ! এক্সন যোগী আৰক্ষীৰ

viral foto

MahaKumbh:

পুৰুষৰ লগতে মহাকুম্ভত অস্থাৰ ডুব দিছে লাখ লাখ মহিলা ভক্তেও । কিন্তু অভিযোগ, মহিলাসকলৰ সেই স্নান কৰা ভিডিঅ’ বিক্ৰী কৰা হৈছে অনলাইনত । এনে বাতৰি পোহৰলৈ অহাৰ পাছতে এতিয়া মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা আৰম্ভ কৰিছে । উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে দুটা ছ’চিয়েল মিডিয়া একাউণ্টৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে।

মহাকুম্ভৰ দায়িত্বত থকা আৰক্ষী দলটোৱে বুধবাৰে এক বিবৃতি প্ৰকাশ কৰে। তথ্য অনুসৰি,তেওঁলোকৰ সামাজিক মাধ্যমৰ কোষে বিষয়টো গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰে। এই সকলোবোৰ ভালদৰে অনুসন্ধান কৰাৰ পাছত, কেবাটাও একাউণ্ট চিনাক্ত কৰা হৈছে। যিসকলে সামাজিক মাধ্যমত এনে কিছুমান ভিডিঅ’ প্ৰচাৰ কৰিছে, যিবোৰে মহাকুম্ভৰ মৰ্যাদা কলুষিত কৰিছে।

উল্লেখ্য যে তীৰ্থযাত্ৰীৰ গোপনীয়তা বিঘ্নিত হৈছে। যিটো বৰ চিন্তনীয় বিষয় । সেই একাউণ্টৰ বিৰুদ্ধে ইতিমধ্যেই মহাকুম্ভ মেলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে। জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ এগৰাকী সাংবাদিকক ছ’চিয়েল মিডিয়াত মহাকুম্ভলৈ অহা মহিলা তীৰ্থযাত্ৰীসকলৰ ভিডিঅ’ প্ৰচাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল।

আনহাতে বিগত জানুৱাৰী মাহত উত্তৰ প্ৰদেশৰ এগৰাকী সাংবাদিকে মহাকুম্ভলৈ অহা মহিলা তীৰ্থযাত্ৰীৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছে। তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল যে তেওঁ মহিলাসকলৰ ভিডিঅ’ত অশ্লীল মন্তব্য কৰাৰ লগতে মহাকুম্ভ আৰু হিন্দু দেৱ-দেৱীৰ পৱিত্ৰ স্নান সন্দৰ্ভত বিভিন্ন আপত্তিজনক মন্তব্য কৰে ।

এই বিষয়টো মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ প্ৰশাসনৰ দৃষ্টিগোচৰ হয়। ইয়াৰ পাছতে কঠোৰ ব্যৱস্থা হিচাপে তেঁওৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। উল্লেখ্য যে ,আৰক্ষীয়ে কামৰাণক গ্ৰেপ্তাৰ কৰি জিম্মাত লয়।

Exit mobile version