Chirang:
চিৰাঙৰ চিদলী ৰাজহ চক্ৰৰ হাশ্ৰাউবাৰী গাঁৱত সৃষ্টি হৈছে ভূমিকেন্দ্ৰিক বিতৰ্কৰ । জানিব পৰা মতে যোৱা ১৯৯৩ চনৰ গোষ্ঠী সংঘাতৰ পিচতে চিৰাং জিলাৰ উত্তৰাঞ্চলৰ পৰা সংখ্যালঘু লোকসকলে প্ৰাণৰ ভয়ত বিভিন্ন ঠাইত আশ্ৰয় লৈছিল। তেনেদৰেই হাশ্ৰাউবাৰীত আশ্ৰয় লৈছিল আনোৱাৰ হুচেইন নামৰ লোকজনে । হাশ্ৰাউবাৰী গাঁওৰ সৰ উদ্দিন আলী নামৰ ব্যাক্তি জনৰ পৰা আধা বিঘা মাটী সেই সময়ৰ মূল্য অনুসৰি ২৭৫০/ টকাৰে ক্ৰয় কৰিছিল। ভূমি ক্ৰয়ৰ কিছু দিনৰ পিচতে সৰ উদ্দিনৰ মৃত্যু হয় আৰু এই বিক্ৰী কৰা মাটী আনোৱাৰ হুচেইনৰ নামত উঠাব নোৱাৰে।
তেনেদৰেই পাৰ হৈছিল বিগত ৩০-৩৫ বছৰ । হঠাতে এতিয়া মৃত সৰ উদ্দিনৰ পত্নি মমিনা খাতুন, পুত্ৰ মমিন আলী, কন্যাদ্বয় ক্ৰমে শ্বহিদা খাতুন আৰু শ্বহিমা খাতুনে এই বিক্ৰী কৰা ভুমি পুনৰ দখলৰ চেষ্টা চলায় । এই বিষয়ে হাশ্ৰাউবাৰী গাঁৱত মাটী ক্ৰয়-বিক্ৰয়ৰ বিষয়ে জ্ঞাত লোক সকলে সভা পাতি বিষয়টো মীমাংসা কৰিবৰ চেষ্টা কৰে । সেই অনুপাতে পূণৰ মাটী বাবদ ১৬০,০০০/ টকা দিয়াৰ কথা হয় । উক্ত টকা দিয়াৰ সময় হোৱাৰ পূৰ্বেই এই ভূমি লৈ আকৌ অপপ্ৰচাৰত লিপ্ত হৈ যধে মধে বাতৰি কৰি ভূ-মাফিয়া সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ কৰে গাঁওবাসীৰ লগতে চিৰাং জিলা সমিতি এবিএমছুৰ নেতৃত্বই ।