National Oceanic and Atmospheric Administration:
নিশাটোৰ ভিতৰতে ৮০০ কৰ্মচাৰীক বৰ্খাস্ত। ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডলীয় প্ৰশাসনৰ (এন.ও.এ.এ.) ৮০০ কৰ্মচাৰীক ছাঁটাই কৰিলে ট্ৰাম্প চৰকাৰে । বুধবাৰে ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰে যে তেওঁৰ প্ৰশাসনে পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন কোম্পানীৰ পৰা প্ৰায় ৬৫ শতাংশ কৰ্মশক্তি কৰ্তন কৰাৰ লক্ষ্য লৈছে ।
এই নিয়ন্ত্ৰণ সংস্থাসমূহে জলবায়ু পৰিৱৰ্তনকে ধৰি বিভিন্ন ক্ষেত্ৰত কাম কৰে। ট্ৰাম্পে কয়, “মই লি জেল্ডিনৰ (পৰিৱেশ সুৰক্ষা বিভাগৰ মুখ্য প্ৰশাসক) স’তে কথা পতিছো । তেওঁ ভাবে যে পৰিৱেশ বিভাগৰ ৬৫ শতাংশ বা তাতকৈ অধিক কৰ্মচাৰী কৰ্তন কৰিব পৰা যাব।’
বহুতে এন.ও.এ.এ.-ৰ ৮০০ কৰ্মচাৰীক ছাঁটাই কৰাটো সেই প্ৰক্ৰিয়াটোৰ প্ৰথম পদক্ষেপ বুলি অনুমান কৰে । পৰৱৰ্তী এসপ্তাহত, ট্ৰাম্প প্ৰশাসনে মহাসাগৰ, জৈৱ বৈচিত্ৰ্য, জলবায়ু, মহাকাশ নিৰীক্ষণ, বতৰ বিজ্ঞান আৰু অন্যান্য গৱেষণা ক্ষেত্ৰৰ বিজ্ঞানী আৰু বিশেষজ্ঞকে ধৰি অধিক কৰ্মচাৰী আৰু বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব পাৰে বুলি আশংকা কৰা হৈছে ।