Oscars 2025:
অৱশেষত অনুষ্ঠিত হ’ল মনোৰঞ্জন জগতৰ আটাইতকৈ সন্মানীয় বঁটা ‘দ্য একাডেমী এৱাৰ্ডছ’ বা অস্কাৰ ।সকলোতকৈ বেছি পাঁচটা শ্ৰেণীত বঁটা লাভ কৰিছে ছন বেকাৰৰ “আনোৰা”। ছবিখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেত্ৰী, শ্ৰেষ্ঠ অৰিজিনেল স্ক্রিনপ্লে আৰু শ্ৰেষ্ঠ এডিটিংৰ বাবে অস্কাৰ লাভ কৰিছে।
চিনেমাখনত এগৰাকী যৌনকৰ্মীৰ জীৱনক লৈ আধাৰিত । ২৫ বছৰ বয়সত দুৰ্দান্ত অভিনয়ে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে মিকি মেডিছনে। দ্য ব্ৰুটেলিষ্টৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ লাভ কৰে এড্ৰিয়েন ব্ৰডী । এমিলিয়া পেৰেজৰ বাবে জো ছালডানা আৰু এ ৰিয়েল পেইনৰ বাবে কিয়ৰা কালকিনে শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ সন্মান লাভ কৰে।
নাথান ক্ৰাউলি আৰু লী চেণ্ডেলছ ৱিকেডে শ্ৰেষ্ঠ প্ৰযোজকৰ অস্কাৰ লাভ কৰে । ডেনিছ ভিলেনিউৱে শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টৰ অস্কাৰ লাভ কৰিছে। পল টেজৱেলে শ্ৰেষ্ঠ পোছাক শ্ৰেণীত বিজয়ী হৈছে। ব্ৰাজিলে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ফিচাৰ ফিল্মৰ অস্কাৰ লাভ কৰি ইতিহাস সৃষ্টি কৰিছে। ব্ৰাজিলে “আই এম ষ্টিল হিয়েৰ”ৰ বাবে প্ৰথম অস্কাৰ লাভ কৰে।
ফিলিস্তিনি তথ্যচিত্ৰ ” নো আদাৰ লেণ্ড ” শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰে । ‘এমিলিয়া পেৰেজ’ বোলছবিখন অস্কাৰৰ বাবে ১৩ টা শ্ৰেণীত মনোনীত হয়। অৱশ্যে, তেওঁলোকে কেৱল এটাহে জিকিছে। সদায়ৰ দৰে,ডলবি থিয়েটাৰত অনুষ্ঠিত হৈছে ৯৭ তম অস্কাৰ । জনপ্ৰিয় কৌতুক অভিনেতা আৰু প্ৰযোজক কোনান অ’ব্ৰাইনৰ দ্বাৰা আয়োজিত।





























