Guwahati:
নিৰাপত্তা ব্যৱস্থা গ্ৰহণৰ দাবী কৰা আৰক্ষী গুৱাহাটীত অপৰাধমূলক কার্য প্ৰতিৰোধত ব্যর্থ হৈছে। মহানগৰীখনত সঘনে সংঘটিত হৈছে হত্যা, ডকাইটি, চুৰি, ধৰ্ষণ আদিৰ ঘটনা। বিশেষকৈ হত্যাৰ ঘটনা বৃদ্ধি গুৱাহাটীৰ সাধাৰণ জনজীৱনৰ বাবে অত্যান্ত উদ্বেগজনক হৈ পৰিছে। সাধাৰণ কথাতে মানুহ এজনক হত্যা কৰাটো যেন এক সহজ বিষয় হৈ পৰিছে।
চলিত বৰ্ষত যোৱা ২৩ ফেব্ৰুৱাৰী পর্যন্ত চাৰিটাকৈ হত্যাকাণ্ড সংঘটিত হয় মহানগৰীখনত। অসম বিধানসভাত আজি ৰাজ্যৰ গৃহ বিভাগে সদৰী কৰা তথ্য অনুসৰি বিগত বৰ্ষত অর্থাৎ ২০২৪ত মহানগৰীত ৬৩টা হত্যাকাণ্ড সংঘটিত হয়। ২০২৩৩ সেই সংখ্যা আছিল ৬৭টা।
২০২২ত ৭৪টা হত্যাকাণ্ড সংঘটিত হৈছিল। ২০২১ত এনে ঘটনা হৈছিল ৬১টা আৰু ২০২০ত হৈছিল ৫২টা। ইপিনে, গৃহ বিভাগে এই তথ্যও দাখিল কৰে যে অপৰাধমূলক ঘটনাৰ ভিতৰত ধৰ্ষণ প্ৰতিৰোধৰ বাবে আৰক্ষীৰ টহল বৃদ্ধি কৰা হৈছে। হোটেল, বাৰ আদিতো চকু ৰখা হৈছে। পিছে এনে ব্যৱস্থাৰ ব্যস্তব ভিত্তি কি হৈছে সেয়া সকলোৱে দেখি আহিছে। অপৰাধীৰ একপ্ৰকাৰ ৰম্যভূমি হৈ পৰিছে গুৱাহাটী।