Volodymyr Zelenskyy:
মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ স’তে হোৱাইট হাউছত এক বৈঠকত অংশ লোৱাৰ সময়ত ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ জেলেনস্কিক মার্কিন ৰাষ্ট্ৰপতিয়ে অপমান কৰাৰ অভিযোগ উঠিছিল। কেমেৰাৰ সন্মুখত আয়োজিত উক্ত বৈঠকত ইউক্রেইন যুদ্ধ বন্ধ কৰাক লৈ জেলেনস্কিৰ স’তে ট্রাম্পে বাকবিতণ্ডা কৰিছিল আৰু হঠাতে ইউক্রেইনৰ ৰাষ্ট্ৰপতিক ধমক দিছিল।
এই ঘটনাৰ পাছত ইউক্রেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে সামান্য নৰম স্থিতি প্ৰদৰ্শন কৰি কয় যে তেওঁ ৰাছিয়া আৰু আমেৰিকাৰ স’তে বুজাবুজিৰ বাবে সাজু আছে যদিও আমেৰিকাই কিছু চৰ্ত পূৰণৰ দায়িত্ব ল’ব লাগিব। সংবাদ মাধ্যমৰ বাতৰিত উল্লেখ কৰা অনুসৰি জেলেনস্কিয়ে আমেৰিকাৰ পৰা একাধিক বিষয়ত নিশ্চয়তা দাবী কৰি কয় যে যদি আমেৰিকাই তেওঁ বিচৰা দাবী পূৰণ কৰে তেন্তে ৰাষ্ট্ৰপতিৰ পদ ত্যাগ কৰিবলৈকো তেওঁ সাজু আছে।
জেলেনস্কিয়ে বুজাবুজিৰ বাবে চৰ্ত আৰোপ কৰি ক’লে, ‘যদি ইউক্রেইনক নাটোৰ সদস্যতা প্রদান কৰা হয় আৰু নিৰাপত্তাৰ গেৰাণ্টি দিয়া হয়, তেন্তে মই ৰাষ্ট্ৰপতি পদ ত্যাগ কৰিবলৈ সাজু আছো । এই বিষয়ত আমেৰিকাই আমাক নিশ্চয়তা দিব লাগিব। আমেৰিকাৰ স’তে খনিজ দ্ৰব্যৰ বুজাবুজিৰ বাবেও আমি সাজু আছো।
অৱশ্যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে কেমেৰাৰ সন্মুখৰ পৰিৱৰ্তে বন্ধ কোঠাত আলোচনা আয়োজন কৰিব লাগিব। আমি শান্তি বিচাৰো। কিন্তু একে সময়তে ইউক্রেইনৰ সাৰ্বভৌমত্ব আৰু নিৰাপত্তা নিশ্চিত হ’ব লাগিব।’ জেলেনস্কিয়ে লগতে কয় যে আমেৰিকাৰ স’তে আলোচনা অব্যাহত ৰাখিবলৈ তেওঁ সদায় সাজু থাকিব।