Mika Singh:
মানুহৰ মৌলিক প্ৰয়োজন কি কি? ভাৰতীয় চিনেমাই আমাক শিকাইছে ‘ৰুটি, কাপোৰ আৰু ঘৰ’ বুলি । কিন্তু বিষয়টো যদি মিকা সিঙৰ ক্ষেত্ৰত কোৱা হয় তেনেহলে হিন্দী চিনেমাৰ সংলাপটো কিছু সলনি হ’ব। তেওঁৰ ক্ষেত্ৰত কোৱা হ’ব ‘ৰুটি, কাপোৰ আৰু ৯৯টা ঘৰ’।
আচৰিত যেন লাগিলেওঁ, এইটোয়ে সত্য । মিকা সিঙৰ আছে ৯৯ টা বিলাসী ঘৰ । শেহতীয়াকৈ পিংকভিলাৰ স’তে হোৱা এক সাক্ষাৎকাৰত মিকাই কয় যে ৰিয়েল এষ্টেটত বিনিয়োগ কৰাৰ প্ৰতি তেওঁৰ আগ্ৰহ প্ৰবল! হিন্দী চিনেমাত মছলাদাৰ গীত মানেই যেন মিকা সিঙৰ কণ্ঠ । ২০০৬ চনত তেওঁ ‘অপনা স্বপ্না মণি মণি’ চিনেমাৰ ‘দেখা জো তুঝে ইয়াৰ’ গীতটোৰে বলীউডত প্লেবেক আৰম্ভ কৰিছিল, সেই যাত্ৰা এতিয়াও বন্ধ হোৱা নাই।
ইমান দিনৰ ভিতৰত তেওঁৰ কিমান হিট গীতৰ সংখ্যা গণনা কৰাটো টান। তেওঁক বহুবাৰ সমালোচনা কৰা হৈছে যদিও তেওঁৰ কেৰিয়াৰ কেতিয়াও অৱনমিত হোৱা নাই। মিকাৰ বেছিভাগ বিনিয়োগে ৰিয়েল এষ্টেটত, যাৰ ফলত তেওঁৰ ঘৰৰ সংখ্যা ৯৯টালৈ বৃদ্ধি পাইছে। এই সংখ্যাটো অতি সোনকালে ১০০ হ’ব বুলি মিকাই আশা কৰিছে। তেওঁ জনাইছে, ইমান ঘৰ কিনাৰ কোনো সপোন নাছিল। তেওঁৰ সন্মুখত কেৱল দুটা সুযোগ আহিলে আৰু তে সেইটো গ্ৰহণ কৰিলে।
মিকাই কয়, “যেতিয়া মই মোৰ কেৰিয়াৰ আৰম্ভ কৰিছিলো তেতিয়া মই ৭৫ টকা দৰমহা পাইছিলোঁ। কম দৰমহাৰ বাবে কাম কৰাৰ বাবে মোৰ কোনো অনুশোচনা নাছিল। সেই বয়সত সেইটো বহুত টকা যেন লাগিছিল। মই গীটাৰ বজাইছিলো, গান গাইছিলো, মই জাগৰণত প্ৰদৰ্শন কৰিছিলো, মই কীৰ্তন আৰু কাৱালী গাইছিলো – এনে কোনো ভক্তিমূলক অনুষ্ঠান নাই য’ত মই প্ৰদৰ্শন কৰা নাই। মই শিকি অহা এটা শিক্ষা হ’ল, যদি ভাল সুযোগ আহে, তেন্তে সেইটো লওক।’
মিকা সিঙে জনাইছে যে তেওঁৰ ৯৯ তম ঘৰটো শ্বাহৰুখৰ পত্নী গৌৰী খানে ডিজাইন কৰিছে। ঘৰ কিনাটো তেওঁৰ নিচা নে বিনিয়োগ? উত্তৰত মিকাই কয় যে সঞ্চয়ৰ এটা শক্তি আছে, সেইটো বুজাটো গুৰুত্বপূৰ্ণ। সংগীতজ্ঞজনে ক’লে, ‘মই বিশ্বাস কৰোঁ যে আমি সততাৰে টকা উপাৰ্জন কৰি বুদ্ধিমানৰূপে খৰচ কৰা উচিত।’
লগতে তেওঁ জনাই যে , তেওঁৰ ১০০ একৰ ফাৰ্ম আছে, যি তেওঁৰ অন্যতম মূল্যৱান সম্পত্তি। জীৱিকাৰ বাবে ১৫০টা পৰিয়াল এই পামৰ ওপৰত নিৰ্ভৰশীল।