Samaguri :চামগুৰি যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুক লৈ ভূপেন বৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া

samaguri

Samaguri :

নগাঁৱৰ উদীয়মান কংগ্ৰেছ কৰ্মী প্ৰণৱজ্যোতি বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাৰ

এই সন্দৰ্ভত সভাপতি গৰাকীয়ে কয়, উদীয়মান কংগ্ৰেছ কৰ্মী গৰাকীৰ মৃত্যুক লৈ আমি মৰ্মাহতচামগুৰি সমষ্টিৰ যুৱ কংগ্ৰেছৰ উপ-সভাপতি প্ৰণৱজ্যোতি বৰা এক বিবাহ উৎসৱত অংশগ্ৰহণ কৰি ঘৰমুখী হোৱাৰ পথত আক্ৰমণৰ সন্মুখীন হয়। বৰাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা হত্যাকাণ্ড বুলি ভবাৰ থল আছে। কংগ্ৰেছ কৰ্মীৰ ওপৰত নগাঁও জিলাত এনেধৰণৰ আক্ৰমণৰ ঘটনা বৃদ্ধি পোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। এই সমগ্ৰ ঘটনাটোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই এপিচিচিৰ সভাপতি গৰাকীয়ে ৷

Exit mobile version