Sachin Tendulkar: সোমবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙা কঁহৰাত উপস্থিত হয় প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকী শচীন তেণ্ডুলকাৰ।
প্ৰাক্তন ক্ৰিকেটাৰগৰাকীৰ আগমনত কাজিৰঙাত স্থানীয় কৰ্তৃপক্ষই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে ।
সপৰিয়ালেৰে কাজিৰঙা ভ্ৰমণলৈ অহা শচীনে তেওঁৰ পত্নী অঞ্জলি আৰু কন্যা ছাৰাৰ স’তে সোমবাৰৰ নিশাটো কহৰাস্থিত ৰিজ’ৰ্ট বৰগছত অতিবাহিত কৰে ।
তেওঁৰ আগমনত এতিয়া উখল মাখল হৈ পৰিছে কাজিৰঙাৰ বাকৰি। তেওঁৰ অনুৰাগীৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ ।
সোমবাৰে বিয়লি ৰিজ’ৰ্ট উপস্থিতি হোৱা পাছতে তেওঁলোকক সমিতিয়ে উষ্ম আদৰণি জনায়।
ইফালে আজি পুৱা প্ৰায় ছয় বাজি ৩০ মিনিটত তেওঁ কাজিৰঙাত জীপ ছাফাৰীৰ কৰে।
তাৰ পাছতে কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰি তেওঁলোক উভতি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰে আৰু বিশ্ৰাম কৰে ।
তথ্য অনুসৰি,মঙলবাৰে নিশাটো তেওঁলোকে কহৰাৰে বৰগছত অতিবাহিত কৰিব ।
ইয়াৰ পাছতে বুধবাৰে পুনৰ তেওঁলোক গুৱাহাটী অভিমুখে ৰাওনা হ’ব ।