ধুবুৰী জিলাৰ গোলকগঞ্জ ষ্টেট বেংকৰ গ্ৰাহকৰ পৰা চাৰি লক্ষাধিকতকৈও অধিক টকা লুটি নিয়া চোৰক যোৱা নিশা গোলকগঞ্জ আৰক্ষীয়ে পশ্চিমবংগৰ জলপাইগুৰি জিলাৰ ফাটাপুখুৰৰ পৰা আটক কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আটকাধীন ফাটাপুখুৰৰ প্ৰয়াত দিলীপ গোৱালাৰ পুত্ৰ মুকেশ গোৱালা (৪৫)। পশ্চিমবংগ বিহাৰৰ পৰা অহা একাংশ দুৰ্বৃত্তই অসমত সোণৰ চেইন চুৰি টকাৰ মোনা আদি কাঢ়ি নি দীৰ্ঘ দিনৰ পৰাই সন্ত্ৰাস চলাই আহিছে।
উল্লেখ্য যে,বিগত ২০ মাৰ্চত গোলকগঞ্জৰ হিতেশ ৰায়ে গোলকগঞ্জ ষ্টেট বেংকৰ পৰা নিজৰ জমা ধন আনিবলৈ গৈছিল । হিতেশ হিটাচি কোম্পানীৰ এটা এটিএমৰ স্বত্বাধিকাৰী।
তেওঁ বেংকৰ পৰা চাৰি লাখ সাতাইশ হেজাৰ পাঁচশ টকা বেংকৰ পৰা ওলিওৱাৰ ওপৰিও তেওঁৰ লগত পূৰ্বৰ পৰাই আছিল বিছ হেজাৰ টকা।
মুঠ চাৰি লাখ সাতচল্লিচ হেজাৰ পাঁচশ টকাৰ মোনাটো বেংকৰ গাননিক বিষয়াৰ মেজত থৈ আলোচনাত মিলিত হৈছিল বিষয়া গৰাকীৰ লগত।
আলোচনাত মচগুল হৈ থকাৰ সুযোগ লৈ বগা চোলা পৰিহিত এজন দুৰ্বৃত্ত পাছফালেদি আহি টকাৰ মোনা লৈ উধাও হয়।
সকলো দৃশ্য বেংকৰ চিচিটিভিৰ কেমেৰাত আবদ্ধ হয়। কিছু সময় পাছতে টকাৰ মোনা নাপাই হুৱাদুৱা লাগে। ইতিমধ্যে দুৰ্বৃত্তৰ দলটো অন্তৰ্ধান হয়।
এই সন্দৰ্ভত হিতেশ ৰায় গোলকগঞ্জ থানাত এখন এজাহাৰ দাখিল কৰে। গোলকগঞ্জ থানাত এই সন্দৰ্ভত ৬৯/২৫ নম্বৰত গোচৰ পঞ্জীয়ন কৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখে ।
ধুবুৰী অতিৰিক্ত আৰক্ষী অধীক্ষক দীপজ্যোতি তালুকদাৰৰ নিৰ্দেশত গোলকগঞ্জ আৰক্ষীৰ এটি দলে যোৱা নিশা চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ জলপাইগুৰি আৰক্ষীৰ সহযোগত অভিযান চলাই ফাটাপুখুৰ গাঁৱৰ পৰা দুৰ্ধৰ্ষ চোৰ মুকেশ গোৱালাক আটক কৰে।
তেওঁৰ লগত গাওঁ খনৰ আন দুগৰাকী চোৰ জড়িত আছিল। কিন্তু আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই সিহঁত দুজন পলায়ন কৰা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে কিছুদিন পূৰ্বে মুকেশ এটা দুৰ্ঘটনাত সোঁভৰিত আঘাত প্ৰাপ্ত হৈছিল।
যাৰ বাবেই তেওঁ পলাবলৈ সক্ষম নোহোৱা বুলি জানিব পৰা গৈছে। ধৃত গভাইত চোৰ মুকেশে জানিব দিয়া মতে, জলপাইগুৰিৰ পৰা তিনি জনীয়া দলটো ৰেলেৰে নিউ কোচবিহাৰ আহে।
তাৰ পৰা বাছে গোলকগঞ্জত আহি চুৰি কাৰ্য সংঘটিত কৰি পুনৰ বাছেৰে বক্সিৰহাট আৰু তাৰ পৰাই কোচবিহাৰ অভিমুখে গুছি যায়। দলটো এনেকৈ আহি চুৰি কৰি নিৰ্বিঘ্নে গুছি যাবলৈ সক্ষম হোৱা ঘটনাত যে স্থানীয় কোনোবা জড়িত থাকিব সেয়া স্পষ্ট হলেও এতিয়ালৈকে কোনো স্বীকাৰ কৰা নাই।
তেওঁ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চল সম্পৰ্কে যথেষ্ট জ্ঞাত। সেই হিচাপতে তেওঁ ইয়াৰ পূৰ্বেও সোণৰ চেইন টকাৰ মোনা কাঢ়ি নিয়া আদি ঘটনাত জড়িত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। আৰক্ষী প্ৰাথমিক তদন্ততে বহু তথ্য ওলাই পৰিছে।
ভালকৈ সোধা পোছা কৰিলে আন বহু বিস্ফোৰক তথ্য উদঘাটন হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে সচেতন মহলে।