মহাবীৰ জয়ন্তীত মাছ-মাংসৰ বজাৰ বন্ধ ৰখাৰ নিৰ্দেশত ক্ষোভ

থলুৱা মাছ-মাংসৰ ব্যৱসায়ীক ভাতে মৰাৰ ষড়যন্ত্র আখ্যা আছুৰ

hq720

Mahavir Jayanti ব’হাগ বিহুৰ প্ৰাকক্ষণত আজি মহাবীৰ জয়ন্তী উপলক্ষে ডিব্ৰুগড় মহানগৰত ডিব্ৰুগড় পৌৰ নিগমে মাছ-মাংসৰ বজাৰ বন্ধ ৰাখিবলৈ নিৰ্দেশ জাৰি কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

অহিংসা দিৱসৰূপে পালন কৰা মহাবীৰ জয়ন্তীত পৌৰ নিগমে জাৰি কৰা এই জাননীক লৈ সদৌ ডিব্ৰুগড় ছাত্র সন্থায়ো প্রতিক্রিয়া প্ৰকাশ কৰিছে।

ধৰ্মীয় অনুষ্ঠানৰ নামত পৌৰ নিগমে মাছ-মাংসৰ বজাৰ বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াটো গ্রহণযোগ্য নহয় বুলিও মন্তব্য কৰিছে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ সভাপতি তনুজ হালৈ আৰু সাধাৰণ সম্পাদক পাপু শ‍ইকীয়াই।

ছাত্ৰ সন্থাৰ নেতাদ্বয়ে অভিযোগ উত্থাপন কৰে যে পৌৰ নিগমে এই জাননী জাৰি কৰি থলুৱা মাছ-মাংসৰ ব্যৱসায়ীসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে।

পৌৰ নিগমৰ এই নিৰ্দেশ কোনো কাৰণতে ডিব্ৰুগড়ত কাৰ্যকৰী হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰ দি সন্থাৰ নেতাদ্বয়ে লগতে কয়, ‘ডিব্ৰুগড় পৌৰ নিগম ডিব্ৰুগড়বাসীৰ অভিভাৱক নহয়। উৎসৱ-পাৰ্বণ বা ধৰ্মীয় অনুষ্ঠানৰ নামত থলুৱা মাছ-মাংসৰ বজাৰ বন্ধ কৰিবলৈ দিয়া নিৰ্দেশ কোনো কাৰণতে গ্রহণযোগ্য নহয় ৷”

Exit mobile version