Horoscope:মেষ : পৰিৱেশ অনুকূল থাকিব। ঘৰত কোনো প্রিয়জনৰ আগমন ঘটিব পাৰে। নতুন কোনো কামত সফল হ’ব পাৰিব। বিশেষ কিবা পৰিৱৰ্তনৰ আশা নকৰাই ভাল । আর্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। ব্যৱসায়ত উন্নতি। প্ৰেমত অশুভ ফল। শুভ ৰং বগা।
বৃষ :সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে। ক্রোধ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক। দুপৰীয়াৰ পাছত আর্থিক ক্ষেত্ৰত ভাল ফল আশা কৰিব পাৰি। বাধাৰ মাজেৰে কৰ্মত সাফল্যৰ যোগ। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক। শুভ ৰং হালধীয়া।
মিথুন : শুভ বুধৰ প্ৰভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। কৰ্মক্ষেত্ৰত অশান্তি। বুধ শুভ হোৱাৰ বাবে ব্যৱসায়-বাণিজ্যত উন্নতি অব্যাহত থাকিব। নতুন যোগৰ ক্ষেত্ৰত সাফল্য আহিব ।দিনটোত নতুন কোনো পৰিকল্পনা গ্রহণ কৰিব পাৰে। শুভ ৰং সেউজীয়া।
কৰ্কট :মনৰ অৱস্থা বিশেষ ভালেৰে নাযাব। একাধিক সুযোগ সুবিধা বেয়া হ’ব পাৰে। বিভিন্ন কাৰণত দিনটোত আৰ্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পাব । পাৰিবাৰিক দিশত কিবা বিষয় লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে। ভ্ৰমণৰ যোগ। প্ৰেমত শুভ। শুভ ৰং নীলা ।
সিংহ : পাৰিবাৰিক দিশত অশুভ। পত্নীৰ কাৰণে চিন্তা। অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব। ব্যৱসায়-বাণিজ্যত অৱশ্যে সিমান বেয়া নহ’ব। পাৰিবাৰিক বিষয় লৈ কাজিয়া-পেচালৰ সম্ভাৱনা। শুভ ৰং বেঙুনীয়া।
কন্যা : পৰিশ্ৰমৰ অনুপাতে দিনটোত আয় উন্নতি কম হ’ব। শত্রুপক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে। শাৰীৰিক দিশত অৱশ্যে শান্তি বজাই থাকিব। কর্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম ফলদায়ক। প্রেম আৰু দাম্পত্যত শুভ। শুভ ৰং বগা ।
তুলা : বিশেষ কোনো গুণৰ বাবে সন্মান প্রাপ্তিৰ যোগ। ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। আর্থিক ক্ষেত্ৰত দিনটো শুভ যদিও মানসিক অশান্তি থাকিব। শুভ ৰং সেউজীয়া।
বৃশ্চিক : শনি অশুভ হোৱা বাবে খং-ৰাগ। অত্যধিক বৃদ্ধি পাব । অনাৱশ্যক কাৰণত টক-পইচা ঋণ ল’ব লগা হ’ব পাৰে। অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যাব। শুভ ৰং হালধীয়া।
ধনু : শাৰীৰিক দিশত আঘাত প্ৰাপ্তিৰ যোগ। গতিকে চলাফুৰাত সতর্ক থাকিব। কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আর্থিক উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব । কৰ্মত উৎসাহ বৃদ্ধি পাব। বিদ্যাৰ্থীৰ মধ্যম ফল। শুভ ৰং বগা।
মকৰ : কৰ্মক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ। কিছুক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ পৰা বঞ্চিত হ’ব পাৰে। পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফলদায়ক হ’ব। আবেলিৰ ভাগত আর্থিক ক্ষেত্ৰত পৰিৱৰ্তন লক্ষ্য কৰা যায়।
কুম্ভ : কর্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। আর্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব। আর্থিক ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ আৰু বৃদ্ধি পাব। শুভ ৰং ৰঙা ।
মীন : মীনৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি। আবেলি ভাগত কিছু জামেলা দেখা দিব পাৰে। বৃহস্পতিৰ প্ৰভাৱত নিবনুৱা জাতক-জাতিকাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। ব্যৱসায়-বাণিজ্যত শুভ ফলদায়ক হ’ব। শুভ ৰং হালধীয়া।