Horoscope:মেষ : উন্নত পৰিৱেশ। প্রিয় বন্ধু-বান্ধৱৰ লগত সাক্ষাৎ লাভ। ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে। দায়িত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সচেতন হওক।
বৃষ : যান-বাহন চলোৱা লোকসকলে আজি দিনটো সাৱধানে থাকক। বিবাহিত জীৱনত শুভ ফল। উচ্চ শিক্ষাৰ বাবে সমস্যা হ’ব পাৰে।
মিথুন : সন্তানৰ বাবে খৰচ বৃদ্ধি হ’ব পাৰে। গৃহ নিৰ্মাণৰ ফলত বাধা দেখা যায়। দেহৰ অশান্তি হ’ব পাৰে। শত্ৰুৰ পৰা সাৱধানে থাকক। শিক্ষাত শুভফল।
কর্কট : বিদ্যাত সাফল্য লাভ। গৱেষণা মূলক কামত প্ৰতিভাৰ বিকাশ আশা কৰা কোনো যোগাযোগ বিফল হ’ব পাৰে। আৰ্থিক দিশত ভাল ।
সিংহ : আর্থিক উন্নতিৰ কাৰণে নতুন যোগাযোগত সফল হ’ব পাৰে। পুৰণি অসুখ সাময়িক কষ্টদায়ক হ’ব পাৰে। আয় বৃদ্ধিৰ লগতে সঞ্চয় বৃদ্ধিৰ যোগ। প্ৰেমত শুভফল।
কন্যা : স্বাস্থ্যৰ অসুবিধা হ’ব পাৰে। পঢ়া-শুনাৰ চেষ্টাৰ প্ৰতি গুৰুত্ব দিয়ক। পাৰিবাৰিক কোনো বিষয়ে উৎকণ্ঠা বৃদ্ধি হ’ব পাৰে। প্ৰেমৰ দিশত বাধা দেখা যায়।
তুলা : আর্থিক অসুবিধা কিছু পৰিমাণে লাঘব হোৱাৰ আশা দেখা যায়। কোনো প্ৰভাৱশালী লোকৰ সান্নিধ্য লাভ কৰিব পাৰে। কৰ্মচাৰীসকলৰ বাবে নতুন সুযোগ আহিব পাৰে।
বৃশ্চিক : কৰ্মক্ষেত্ৰত নিজৰ দায়িত্বৰ বিষয়ে সতর্ক থাকিব। আর্থিক ভাৱে উন্নতি হোৱাৰ সম্ভাৱনা। অত্যধিক পৰিশ্ৰম বৰ্জন কৰিব। আজিৰ দিনটো আপোনাৰ মধ্যমভাৱে পাৰ হ’ব।
ধনু : যিকোনো কাম আৰম্ভ কৰাৰ আগতে নিজে স্থিৰভাৱে চিন্তা কৰি ল’ব। পাৰিবাৰিক সিদ্ধান্ত গ্ৰহণৰ পূৰ্বে গুৰুজনৰ লগত আলোচনা কৰিব। অত্যধিক পৰিশ্ৰম বৰ্জন কৰিব।
মকৰ : যিমান পাৰে দিনটোত কঠোৰ বাক্য প্রয়োগ নকৰা ভাল হ’ব। ভ্ৰমণৰ দিশত বাধা দেখা যায় ৷ আনৰ কথাত নিৰ্ভৰ কৰি কোনো সিদ্ধান্ত নল’ব। দাম্পত্যত অশান্তি।
কুম্ভ : আয় বৃদ্ধিৰ কাৰকতা দেখা যায়। কর্মক্ষেত্ৰত কিছু বাধা আহিব পাৰে। দাম্পত্যত শুভ ফল। বিদ্যাতো মধ্যম ফল। ব্যৱসায় ক্ষেত্ৰত অশান্তি হ’ব পাৰে।
মীন : আর্থিক দিশত মজলীয়া ফল পাব।ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত গুৰুতৰ একো সিদ্ধান্ত নোলোৱাই ভাল। বিদ্যাৰ্থীসকলৰ বাবে শুভফল। প্ৰেমত মত বিৰোধ হ’ব পাৰে।