WHO: মহামাৰীৰ সন্দৰ্ভত আকৌ এবাৰ সতৰ্ক বার্তা দিলে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৰ মুৰব্বী টেড্ৰছ অধানম গেব্রিয়েছাছে। হুৰ মুৰব্বীয়ে কয় যে পৰৱৰ্তী অতিমাৰী আহিব নে নাই সেইটো বিচার্য বিষয় নহয়, বৰঞ্চ কেতিয়া আহিব সেইটোহে গুৰুত্বপূৰ্ণ ।
পৰৱৰ্তী মহামাৰীৰ আগমন ২০ বছৰৰ পাছতো হ’ব পাৰে বা কাইলৈও হ’ব পাৰে। কিন্তু ইয়াৰ আগমন অনিবার্য।
হুৰ বৈঠকত নিজৰ বক্তব্যত গেব্রিয়েছাছে এইদৰে ক’লে, ‘বিশ্বত পৰৱৰ্তী মহামাৰী কেৱল এক তাত্ত্বিক সম্ভাৱনা নহয়। বৰঞ্চ এয়া বৈজ্ঞানিক দিশৰ পৰা অনিবার্য।
সেয়েহে দেশসমূহে অবিলম্বে এই আসন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব। অন্যথা ক’ভিডৰ সময়ত দেখা দিয়া সমস্যাসমূহে পুনৰ দেখা দিব পাৰে।
যিকোনো সময়তে এই ধৰালৈ পুনৰ নতুন কোনো ভাইৰাছৰ আগমন হ’ব পাৰে। ইয়াৰ বাবে প্ৰতিখন দেশৰ স্বাস্থ্যখণ্ড সাজু হোৱা জৰুৰী।’ হুৰ মুৰব্বীয়ে লগতে কয় যে বিভিন্ন দেশৰ চৰকাৰে বৰ্তমানে মহামাৰীৰ ভাবুকি উপেক্ষা কৰি অৰ্থনৈতিক আৰু ভূ-ৰাজনৈতিক সংকটৰ দৰে অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ত ব্যস্ত হৈছে।
বিশ্বই এতিয়া যুদ্ধ আৰু অর্থনৈতিক অস্থিতিশীলতাৰ স’তে যুঁজ দিয়াৰ লগতে জনগণ আৰু চৰকাৰ উভয়ে ক’ভিডক অতীত গণ্য কৰিছ।
কিন্তু মনত ৰখা ভাল হ’ব যে পৰৱৰ্তী অতিমাৰীয়ে এই সমস্যাবোৰৰ সমাধানৰ বাবে অপেক্ষা নকৰে, যিকোনো মুহূৰ্ততে নতুন মহামাৰীৰ আগমন হ’ব পাৰে বুলি গেব্রিয়েছাছে সকীয়াই দিলে। উল্লেখ্য যে ক’ভিড কালত বিশ্বত আনুষ্ঠানিকভাৱে ৭০ লাখ লোকৰ মৃত্যু হৈছিল। তদুপৰি এই মহামাৰীয়ে বিশ্বৰ অৰ্থনীতিৰ ১০ ত্ৰিলিয়ন ডলাৰৰ ক্ষতি কৰিছিল।