Delhi:ধূলিৰ ধুমুহাই বিধ্বস্ত কৰিছে ৰাজধানী দিল্লী। এফালে বেয়া বতৰৰ বাবে ব্যাহত বিমান যাতায়ত । বাতিল কৰা হৈছে বহুতো বিমান।
আনহাতে কেবাখনো বিমানৰ দিশো সলনি কৰা হৈছে। আৰু এই বিচ্ছিন্নতাৰ ফলত দিল্লী বিমানবন্দৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।
উল্লেখ্য যে,চহৰখনত এটা নিৰ্মাণাধীন অট্টালিকাৰ দেৱাল খহি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। আৰু চাৰিজন আহত। সামগ্ৰিকভাৱে, শুকুৰবাৰে সন্ধিয়া ৰাজধানীখন কাৰ্যতঃ ধূলিৰে আবৃত হৈ পৰে।
দিল্লীত বৰ্তমান প্ৰচণ্ড গৰম। কোনো কোনো ঠাইত তাপমাত্ৰা ৪০ ডিগ্ৰী অতিক্ৰম কৰিছে ।এনে পৰিস্থিতিত, শুক্ৰবাৰে নিশা প্ৰায় আঠ বজাত হঠাতে ধুলিৰ ধুমুহা সৃষ্টি হয়।
সমগ্ৰ অঞ্চলটো ধুলিৰে আবৃত হৈ পৰে । এনে প্ৰতিকূল বতৰৰ বাবে বিমান চলাচল ব্যাহত হয় ।
বিমানবন্দৰৰ সূত্ৰ অনুসৰি ,ধুলিৰ ধুমুহাৰ বাবে শুক্ৰবাৰে নিশাৰ পৰা শনিবাৰে পুৱালৈ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা কমেও ৫০ খন অন্তঃদেশীয় বিমান বিলম্বিত হয়।
লগতে ২৫ বিমানৰ পথ সলনি কৰা হয় আৰু সাতখন বিমান বাতিল কৰা হয়। এই দুৰ্যোগৰ বাবে শ শ যাত্ৰী বিমানবন্দৰত আৱদ্ধ হৈ পৰে ।
সূত্ৰ অনুসৰি ,বিমানবন্দৰত হুলস্থুলীয়া পৰিস্থিতিৰ ফলত পদপিষ্ট পৰিৱেশৰ সৃষ্টি হয় ।
ছ’চিয়েল মিডিয়াত ক্ষোভৰ ধুমুহা। আজি বিয়লিলৈকে পৰিস্থিতি স্বাভাৱিক হোৱা নাই। ইফালে, ধুমুহাৰ প্ৰভাৱত দিল্লীত নিৰ্মাণাধীন এটা ছয় মহলীয়া অট্টালিকাৰ এটা অংশ খহি পৰে।
ফলস্বৰূপে, ঘটনাস্থলীত এজন লোকৰ মৃত্যু হয়। বাকী চাৰিজনক উদ্ধাৰ কৰা হয় আৰু চিকিৎসালয়লৈ লৈ যোৱা হয়। তেওঁলোক এতিয়াও চিকিৎসাধীন হৈ আছে।