ঘোষণা হ’ল লতাশিল ৭৪ সংখ্যক ঐতিহ্যমণ্ডিত লতাশিল বিহু সন্মিলনীৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ নাম।
লতাশিল শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ খিতাপ অৰ্জন কৰিছে মৰাণৰ লিজামণি শেনচোৱাই ।
৭৩ সংখ্যক লতাশিল বিহুৰ শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী শিৰুশ্ৰী শইকীয়াই মৰাণৰ লিজামণি শেনচোৱাৰ শিৰত চলন্ত মুকুট পিন্ধোৱাৰ লগতে লিজামণিক প্ৰদান কৰে এটা স্থায়ী মুকুট ।
ইয়াৰোপৰি লতাশিল শ্ৰেষ্ঠ বিহু সম্ৰাজ্ঞী ২০২৫ ৰ খিতাপ অৰ্জন কৰা মৰাণৰ লিজামণি শেনচোৱাক প্ৰদান কৰা হয়,বিহু সম্ৰাজ্ঞীৰ বেণ্ড, বিহু সম্ৰাজ্ঞী দণ্ড, নগদ এক লাখ ১১ হেজাৰ টকা, ১০ গ্ৰাম সোণৰ মুদ্ৰা, অন্য ৩০ হেজাৰ টকা, স্থায়ী ট্ৰফী, প্ৰমাণ পত্ৰ, টিভি, ফ্ৰীজ, ৱাচিং মেছিনৰ লগতে অন্যান্য বহু উপহাৰ ।