পৃথিৱীৰ বাহিৰে বিশ্বব্ৰহ্মাণ্ডৰ আন গ্ৰহত জীৱ অথবা প্রাণী নাই বুলি প্ৰচলিত ধাৰণা দূৰ হোৱাৰ ইংগিত পোৱা গৈছে। একাংশ জ্যোর্তিবিজ্ঞানীয়ে প্ৰকাশ কৰা অনুসৰি, পৃথিৱীৰ বাহিৰেও বিশ্বব্ৰহ্মাণ্ডৰ আৰু এটা গ্ৰহত জীৱনৰ সন্ধান পোৱা গৈছে।
পৃথিৱীৰ পৰা ১২৪ আলোকবর্ষ (এক আলোকবর্ষ মানে ১৪৯.৬ নিযুত কিলোমিটাৰ)ৰ দূৰত্বত অৱস্থিত কে-২ ১৮ বি নামৰ গ্ৰহটোত প্ৰাণস্পন্দন অস্তিত্ব উদ্ধাৰ হৈছে বুলি এই বিজ্ঞানীসকলে বিশ্বাস কৰে।
গ্ৰহটোৰ বায়ুমণ্ডলত দুটা ৰাসায়নিক বিক্ৰিয়াৰ অস্তিত্ব উদ্ধাৰ হৈছে। ইয়ে গ্ৰহটোত জীৱ (প্রাণী বা উদ্ভিদ) থকাৰ প্ৰমাণ দিয়ে বুলি একাংশ বিজ্ঞানীয়ে মন্তব্য কৰিছে। উল্লেখ্য যে বৰ্তমানলৈ আৱিষ্কৃত গ্রহ-উপগ্রহসমূহত জীৱৰ অস্তিত্ব উদ্ধাৰ হোৱা নাই।
এই আৱিষ্কৃত গ্রহ-উপগ্রহসমূহৰ মাজত সৌৰজগতৰ বাহিৰৰো গ্ৰহ-উপগ্রহ আছে। আনহাতে, পৃথিৱীৰ বাহিৰত জীৱ আছে নেকি, তাৰ সন্ধান যুগ যুগ ধৰি চলি আছে। আনকি একাংশ বিজ্ঞানীয়ে এনে গৱেষণাতে জীৱনপাত কৰিছে।
একাংশ বিজ্ঞানীৰ মতে, যিসমূহ গ্ৰহত তাপমাত্র তুলনামূলকভাৱে কম,তেনে গ্ৰহত প্ৰাণৰ সঞ্চাৰ হোৱাৰ সম্ভাৱনা অধিক। ইয়াৰ বিপৰীতে বিভিন্ন নক্ষত্ৰৰ অধিক ওচৰত অৱস্থিত গ্রহসমূহৰ তাপমাত্রা প্রচণ্ড হোৱাৰ পৰিপ্ৰেক্ষিতত এনে গ্ৰহত জীৱৰ অস্তিত্ব থকা অসম্ভৱ।
শেহতীয়াভাৱে ‘নাছা’ৰ জেমছ ৱেৰ মহাকাশ দূৰবীণত ধৰা পৰা মতে, কে-২ ১৮ বি গ্ৰহৰ বায়ুমণ্ডলত জৈৱিক প্ৰক্ৰিয়াৰে উৎপাদিত গেছৰ ৰাসায়নিক অস্তিত্ব চিনাক্ত কৰা হৈছে। এই গেছ উৎপাদন প্ৰক্ৰিয়াসদৃশ প্ৰক্ৰিয়াৰে পৃথিৱীৰ বায়ুমণ্ডলতো নির্দিষ্ট গেছবিধৰ উৎপাদন হয় ।
গতিকে পৃথিৱীৰ পৰা অনেক দূৰৈত অৱস্থিত এই গ্ৰহটোজীৱ থকা বুলি একাংশ বিজ্ঞানীয়ে দাবী কৰিছে । একেদৰে এই আৱিষ্কাৰক যুগান্তকাৰী আখ্যা দিছে নাছাৰ গৱেষকসকলে। নাছাৰ গৱেষকসকলৰ মতে, গ্ৰহটোৰ বায়ুমণ্ডলত ধৰা পৰা লক্ষণে তাত জীৱ থকাৰ শক্তিশালী প্রমাণ দিছে। সম্প্রতি গ্ৰহটোক লৈ নাছাৰ বিজ্ঞানীসকল অধিক অধ্যয়নত ব্যস্ত হৈছে।