Ajay Devgn:অভিনেত্রী কাজলৰ কন্যা নাইছা দেৱগণে এতিয়াও বলিউদত ভৰি দিয়া নাই । যদিও তেওঁৰ ব্যক্তিগত জীৱন প্ৰায়ে চৰ্চালৈ আহে।
নিশাৰ আহাৰ গ্ৰহণ কৰি বন্ধু-বান্ধৱীৰ স’তে মুম্বাইৰ কোনো ৰেস্তোৰাঁৰ পৰা ওলাই অহা তেওঁক প্রায়েই দেখা যায়। সেই ভিডিঅ’বোৰ নিমিষতে ছ’চিয়েল মিডিয়াত বিয়পি পৰে।
একাংশ সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কিছু ভিডিঅ’ত নাইছাক ড্ৰাগছ আসক্তৰূপেও দেখা যায় ।
এইবাৰ কাজালে নিজৰ কন্যাৰ বিষয়ে মুকলিকৈ মন্তব্য কৰিছে।অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁৰ কন্যাই প্ৰেমৰ পৰামৰ্শ বিচাৰি তেওঁৰ ওচৰলৈ আহে।
দেউতাকৰ সন্মুখত প্ৰেমৰ আলোচনা কৰিবলৈ নাইছাৰ সাহস নাই। কাজলৰ মতে, অজয় দেৱগণে হাতত বন্দুক লৈ থিয় হৈ থাকিব জীয়েকৰ মৰমৰ কথা শুনি।
শেহতীয়া এক সাক্ষাৎকাৰত কাজলক সোধা হৈছিল, ‘সন্তানে কাৰ লগত প্ৰেমৰ কথা পাতিবলৈ স্বস্তি অনুভৱ কৰে?’
উত্তৰত কাজলে কয়, ‘মই নিশ্চিত যে নাইছাই কেতিয়াও দেউতাকৰ লগত প্রেমিক বা প্ৰেমৰ কথা নাপাতিব । এই সকলোবোৰ শুনি অজয়ে হয়তো বন্দুক তুলি সুধিব, ল’ৰাটো ক’ত আছে? ইয়াৰ বাবেই নাইছাৰ প্ৰেমৰ জীৱনৰ কথা দেউতাকক ক’বলৈ সাহস নাই।’
প্ৰসংগক্ৰমে কাজল সম্প্রতি ব্যস্ত হৈ পৰিছে তেওঁৰ পৰৱৰ্তী ছবি ‘মা’ত। এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে এগৰাকী কঠোৰ মাতৃৰ চৰিত্ৰত অভিনয় কৰা দেখা যাব। আনহাতে, ‘ৰেইড ২’ ছবিখনত ব্যস্ত হৈ আছে অজয় ।