Indian Army : পহলগাম কাণ্ডৰ পাছত জম্মু-কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসবাদ বিৰোধী অভিযান তীব্ৰতৰ হৈ পৰিছে। জম্মুৰ উধামপুৰত আশ্ৰয় লোৱা উগ্ৰপন্থীৰ তথ্য লাভ কৰি বৃহস্পতিবাৰে পুৱা সেনা-আৰক্ষীৰ যুটীয়া বাহিনীয়ে অভিযান চলায়।
উগ্ৰপন্থীৰ সন্ধানত তালাচী অভিযান চলাই থকাৰ সময়তে উগ্ৰপন্থীয়ে বাহিনীৰ ওপৰত গুলীচালনা আৰম্ভ কৰে। সেনাইও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। দুয়োপক্ষৰ মাজত হোৱা গুলীৰচালনাত গুৰুত্বৰ ভাৱে আহত হয় এজন জোৱান।
তেওঁক গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। মৃত জোৱানজনৰ নাম ঝান্টু আলী শ্বেখ।
