Face Care : দেওবাৰ মাত্ৰ বন্ধৰ দিন। সপ্তাহত এদিন আপুনি মেকআপ কৰিবলৈ সময় উলিয়াব পাৰে । কিন্তু তাৰ বাবে বন্ধৰ দিনত পাৰ্লাৰলৈ দৌৰিবলগীয়া হ’লে গোটেই দিনটো নষ্ট কৰি পেলালেহেঁতেন।
তাৰ পৰিৱৰ্তে ঘৰতে বিলাহী আৰু কফিৰ পেক বনাওক। বিলাহীত ভিটামিন চি, এ, কে থাকে, যিয়ে ছালখন উজ্জ্বল কৰি তোলাত সহায় কৰে, দাগ কমায়, ছালখন মসৃণ কৰি ৰাখে৷
আনহাতে, কফি হৈছে প্ৰাকৃতিক এক্সফলিয়েটৰ, যিয়ে ছালৰ মৃত কোষবোৰ আঁতৰাই তেজৰ সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে।ফলত ঘৰতে বনোৱা এই ফেচপেক ব্যৱহাৰ কৰিলে ছালখন সতেজ আৰু উজ্জ্বল দেখা যায়।
সামগ্রীসমূহ- এটা পকা বিলাহী, এচামুচ কফি পাউদাৰ, মৌ বা দৈ (শুষ্ক ছালৰ বাবে) পদ্ধতি- প্রথমে বিলাহীটো ভালদৰে ধুই লওক, বিলাৰীৰ খোলা উলিয়াই ভিতৰৰ কোমল অংশটো উলিয়াই এটা বাটিত থৈ দিব, বিলাহীৰ কোমল অংশবোৰ কাঁটাচামুচৰে বা হাতেৰে ভালদৰে মিহলাই লওক, যাতে ডাঙৰ টুকুৰা নহয়।
ইচ্ছা কৰিলে ব্লেণ্ডাৰতো মিহলাই দিব পাৰে। এতিয়া বিলাহীৰ পেষ্টৰ লগত এচামুচ কফি পাউদাৰ মিহলাই লওক। ছাল শুকান হ’লে এই মিশ্ৰণত অলপ মৌ বা দৈ দিব পাৰে। ইয়াৰ ফলত ছালখন মসৃণ কৰি ৰখাত সহায় হ’ব। সকলো উপাদান ভালদৰে মিহলাই মসৃণ পেষ্ট বনাব ।
ব্যৱহাৰৰ নিয়ম
প্ৰথমে মুখখন ভালদৰে পৰিষ্কাৰ কৰক, প্ৰস্তুত কৰা পেকটো গোটেই মুখমণ্ডল আৰু ডিঙিত সমানে লগাব লাগে।
চকুৰ চাৰিওফালৰ অংশ পৰিহাৰ কৰক। পেকটো ১৫-২০ মিনিট মুখত ঘঁহি ৰাখিব। অলপ শুকাই গ’লে হাতৰে লাহে লাহে এৰুৱাই ঠাণ্ডা পানীৰে ধুই পেলাওক। মুখখন ধোৱাৰ পাছত কোমল টাৱেলৰে ছালখন শুকুৱাই লাহেকৈ মচি দিব লাগে।
শেষত আপোনাৰ প্ৰিয় মইশ্ব’ৰাইজাৰ লগাওক। এই ফে’চপেকটো আপুনি সপ্তাহত এবাৰ বা দুবাৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু ব্যৱহাৰৰ আগতে ছালৰ সৰু অংশত পৰীক্ষা কৰি কোনো ধৰণৰ এলাৰ্জী বা অস্বস্তি নাই নেকি সেয়া নিশ্চিত কৰিব লাগে।