Pakistan :গৰমে দহিছে পাকিস্তানক। জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতে, ইছলামাবাদ ইতিমধ্যে আতংকিত হৈ আছে। ইয়াৰ মাজতে, প্ৰকৃতিয়ে দেখুৱাইছে ভয়ংকৰ ৰূপ ।
ইতিমধ্যে মধ্য আৰু দক্ষিণ পাকিস্তানৰ তাপমাত্ৰা ৪৮ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। হয়তো এইবাৰ পাৰা ৫০ ডিগ্ৰীৰ ওপৰলৈ উঠিব! বিশেষজ্ঞসকলে এই আশংকা প্ৰকাশ কৰিছে।
পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগে ২৬ এপ্ৰিলৰ পৰা ৩০ এপ্ৰিললৈ তাপপ্ৰৱাহৰ সতৰ্কবাণী জাৰি কৰিছে।২০১৮ চনৰ এপ্ৰিল মাহত পাৰা ৫০ ডিগ্ৰী চেলছিয়াছত উপনীত হয়। বতৰ বিজ্ঞানীসকলৰ মতে শীঘ্ৰে এই অভিলেখ ভংগ হ’ব।
যাৰ বাবে সাধাৰণ নাগৰিকক সাৱধানতা অৱলম্বন কৰিবলৈ কোৱা হৈছে। বুধবাৰ আৰু বৃহস্পতিবাৰে তাপমাত্ৰা ৪৯ ডিগ্ৰী পৰ্যন্ত হ’ব পাৰে।
বিগত সপ্তাহৰ শেষৰ ফালে তাপমাত্ৰা দুই/তিনি ডিগ্ৰী বৃদ্ধি হোৱাৰ দৰেই এই সপ্তাহৰ শেষৰ ফালেও একেধৰণৰ বৃদ্ধিৰ সম্ভাৱনা আছে।ফলস্বৰূপে, দুইৰ পৰা তিনি দিনত তাপমাত্ৰা ৫০ ডিগ্ৰীলৈ অতিক্ৰম কৰিব পাৰে।
বতৰ বিজ্ঞান কেন্দ্ৰই দাবী কৰিছে যে এই সপ্তাহত কেৱল পাকিস্তানে নহয় ২১খন দেশত তাপমাত্ৰা ১১০ ডিগ্ৰী ফাৰেনহাইট (৪৩ ডিগ্ৰী চেলছিয়াছ)তকৈ অধিক হ’ব পাৰে। য’ত ইৰাণ, কুৱেইট, চৌদি আৰব, ইৰাক, কাটাৰ, চুডানৰ দৰে দেশসমূহো অন্তৰ্ভুক্ত আছে । আৰু এই তালিকাত ভাৰতৰ নামও আছে।






























