Horoscope:মেষ: বিদেশ ভ্রমণত শুভ দেখা যদিও সাৱধানে যোৱাই উচিত। পিতৃ-মাতৃৰ অনুকূল। শুভ ৰং হালধীয়া।
বৃষ: শিল্পকলাতিত আগ্রহ বৃদ্ধি। চাকৰিয়ালৰ মধ্যম। ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব। প্রেমত অশান্তি। শুভ ৰং সেউজীয়া।
মিথুন: ঘৰুৱাত কিছু পৰিমাণে অস্থিৰতা থাকিব। ৰাজনীতিত থকা লোকসকলৰ সময়খিনি কঠিন। প্রেমত মধ্যম। শুভ ৰং ক’লা।
কর্কট: ব্যয় বহুত হ’ব। শৰীৰ ঠিকেই থাকিব। বিদ্যাত ভাল দেখা যায়। চেষ্টাৰ দৰকাৰ। প্ৰেমত মধ্যম। শুভ ৰং সেউজীয়া।
সিংহ: ব্যৱসায়ত পূৰ্বতকৈ ভাল ক’ব পৰা যায়। নতুন কোনো আঁচনি হাতত নোলোৱা ভাল। প্রেমত মধ্যম। শুভ ৰং নীলা।
কন্যা: আইনী সমস্যাৰ সমাধান হ’ব। ঘৰত অশান্তি সৃষ্টি হ’ব পাৰে। বিদ্যাত বৰ ভাল বুলি ক’ব পৰা নাযায়। প্ৰেমত শুভ। শুভ ৰং মেৰুণ।
তুলা: দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। সন্তানৰ শৰীৰ সম্পর্কে সচেতন থাকক। কর্মপ্রার্থীয়ে ধৈৰ্যৰে কাম হাতত লোৱা ভাল। শুভ ৰং চিলভাৰ।
বৃশ্চিক: মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে। সামাজিক কিবা কামত জড়িত হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা অকৃত্ৰিম সহায় লাভ কৰিব। শুভ ৰং সেউজীয়া।
ধনু: স্বাস্থ্য ঠিকেই থাকিব। নিকটা আত্মীয়ৰ আৰোগ্য লাভ। প্ৰেমত বাধা।পত্নীৰ সহযোগ লাভ কৰিব। শুভ ৰং ৰঙা।
মকৰ: পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিযোগ কৰিলে সাৱধান হ’ব। প্রেমত ভাল ফল বুলি ক’ব নোৱাৰি। প্ৰেমত সাৱধান বিশ্বাসঘাতক হ’ব পাৰে। শুভ ৰং বগা।
কুম্ভ: ওচৰ-চুবুৰীয়াৰ লগত ভূমি বিবাদ হোৱাৰ আশংকা আছে। ভ্রমণ নকৰিব। প্ৰেমত অশুভ। শুভ ৰং সেউজীয়া।
মীন: কর্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি। আর্থিকত ভাল। দিনটোত দাম্পত্যত সংঘাত। মাতাৰ শৰীৰ ভাল নহয়। শুভ ৰং সেউজীয়া।