অপাৰেচন সিন্দুৰঃ মাজনিশা পাকিস্তানত আক্ৰমণ ভাৰতৰ !

একাধিক স্থানত সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি আক্ৰমণ দাবী সেনাৰ

1746565942 sindoor

India-Pakistan : পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত আঘাত আঘাত হানিলে ভাৰতীয় বাহিনীয়ে। পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি পাকিস্তানক ভাৰতে নিজৰ পছন্দৰ সময়ত আৰু পছন্দৰ স্থানত প্ৰত্যুত্তৰ দিব বুলি আগেই বিবৃতি দিয়া হৈছিল ।

মঙলবাৰে মাজনিশাৰ পাছতে এই আক্ৰমণ হৈছে বুলি ভাৰতীয় সেনাই এক্স-হেণ্ডলত ঘোষণা কৰে।

কেবাটাও ছ’চিয়েল মিডিয়া পোষ্টত ভাৰতে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰ আৰু পাকিস্তান দখল কৰা কাশ্মীৰৰ মুজাফ্ফৰাবাদত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি দাবী কৰিছে।

অৱশ্যে ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে মাজনিশা প্ৰকাশ কৰা চমু বিবৃতিত কোনো চহৰৰ নাম উল্লেখ কৰা হোৱা নাই।

মন্ত্ৰালয়ৰ বিবৃতিত কোৱা হৈছে যে পাকিস্তান আৰু পাকিস্তান দখল কৰা জম্মু-কাশ্মীৰৰ ৯টা স্থানত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি ‘নিখুঁত আক্ৰমণ’ সংঘটিত কৰা হৈছে।

মন্ত্ৰালয়ে এক বিবৃতিত দাবী কৰে যে ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা আৰু নিৰ্দেশ দিয়া সকলো ঠাইতে ভাৰতে আঘাত হানিছিল।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে এক বিবৃতিত লিখিছে, “আমাৰ পদক্ষেপ নিৰ্দিষ্ট, পৰিমিত আৰু অপ্ৰৰুচনামূলক।পাকিস্তানী কোনো আন্তঃগাঁথনিৰ আঘাত হোৱা নাই।”

বুধবাৰে এই অভিযান তথা প্ৰিছিশন ষ্ট্ৰাইকৰ বিষয়ে বিতং তথ্য প্ৰকাশ কৰা হ’ব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে ঘোষণা কালি নিশা ঘোষণা কৰে।

ভাৰতীয় সেনাৰ আক্ৰমণৰ পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক্স হেণ্ডেলত লিখিছিল, ‘ভাৰত মাতা কি জয়!’

Exit mobile version