পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

IMG 20250510 161511

India Pakistan War: ভাৰত আৰু পাকিস্তানৰ মাজত চলি থকা সামৰিক উত্তেজনা হ্ৰাস কৰিবলৈ তৎপৰ জি-৭ দেশসমূহ।

ভাৰতীয় সময় অনুসৰি শুকুৰবাৰে নিশা জি-৭ গোটৰ অন্তৰ্গত সাতখন দেশে এক যৌথ বিবৃতি প্ৰকাশ কৰি পহলগাঁও আক্ৰমণক গৰিহণা দিয়ে।

কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰীসকলৰ তৰফৰ পৰা এই বিবৃতি জাৰি কৰা হৈছে।

বিগত ২২ এপ্ৰিলত পহলগামত পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হয়।সেই আক্ৰমণৰ (ভাৰত পাকিস্তান যুদ্ধ) প্ৰতিক্ৰিয়া স্বৰূপে, ভাৰতে পাকিস্তানৰ ভূমিত সন্ত্ৰাসবাদৰ ওপৰত আক্ৰমণ কৰে।

অৱশ্যে, ভাৰতে স্পষ্ট কৰি দিলে যে এই নিৰ্দিষ্ট আক্ৰমণ কেৱল সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰিহে সংঘটিত কৰা হৈছে। পাকিস্তানী সামৰিক বাহিনী বা সাধাৰণ নাগৰিকৰ কোনো ক্ষতি হোৱা নাছিল। কিন্তু সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত হোৱা আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই পাকিস্তানে ভাৰতীয় সাধাৰণ নাগৰিকক লক্ষ্য কৰি প্ৰতিশোধ লয়।

পহলগাঁও কাণ্ডক লৈ ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাক লৈ সমগ্ৰ বিশ্বই চিন্তিত হৈ পৰিছে। ইয়াৰ পূৰ্বে বিশ্বৰ অধিকাংশ দেশেই পহলগাঁও আক্ৰমণক বিভিন্ন ধৰণে গৰিহণা দিছিল।

কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাক লৈ গঠিত জি-৭ বিমানে পহলগাঁও আক্ৰমণক গৰিহণা দি এক যৌথ বিবৃতি প্ৰকাশ কৰে।

জি-৭ৰ বিবৃতিটোত কোৱা হৈছে যে,”আমি ভাৰত আৰু পাকিস্তান উভয়কে সৰ্বাধিক সংযম কৰিবলৈ আহ্বান জনাইছো। “লগতে কয় যে যিকোনো সামৰিক ব্যৱস্থাই অঞ্চলটোৰ শান্তি আৰু স্থিতিশীলতাৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰিব।আমি দুয়োখন দেশক শীঘ্ৰে উত্তেজনা হ্ৰাস কৰি শান্তিৰ বাবে মুখামুখি আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছো।

Exit mobile version