Haj Flights: ভাৰত-পাকিস্তানৰ উত্তেজনাৰ বাবে দেশৰ সীমান্তৱৰ্তী ৰাজ্যসমূহৰ কেবাটাও বিমানবন্দৰ বন্ধ হৈ পৰিছে। শ শ বিমান যাত্ৰা বাতিল কৰা হৈছে। এনে পৰিস্থিতিত জম্মু-কাশ্মীৰ হজ কমিটীয়ে ১৪ মে’ পৰ্যন্ত হজযাত্ৰীসকলৰ বাবে সকলো বিশেষ বিমান বাতিল কৰিছে।
শনিবাৰে, ন মে’ত জম্মু-কাশ্মীৰ হজ কমিটীয়ে এখন বিজ্ঞপ্তি জাৰি কৰি কয় যে সাম্প্ৰতিক পৰিস্থিতিৰ বাবে ১৪ তাৰিখলৈকে নিৰ্ধাৰিত সকলো চাৰ্টাৰ্ড হজ বিমান বাতিল কৰা হৈছে।
বিজ্ঞপ্তিত কোৱা হৈছে, এতিয়াৰ বাবে তীৰ্থযাত্ৰীসকলক ধৈৰ্য্য ধৰিবলৈ আৰু অধিক নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।” ইয়াৰ উপৰিও জনোৱা হৈছে যে, “বিকল্প ব্যৱস্থাৰ বাবে সংশোধিত বিমানৰ সময়সূচী চৰকাৰী চেনেলৰ জৰিয়তে জনোৱা হ’ব।”






























