BSF soldiers returned to Pakistan:
ভাৰত-পাকিস্তানৰ মাজত বন্দী বিনিময় সম্পন্ন ৷ ২০ দিনৰ অন্তত স্বদেশ লৈ উভলিল পাকিস্তানৰ জেলত বন্দী বিএছএফ জোৱান পূৰ্ণম কুমাৰ শ্ব’ ৷ বিগত ২৩ এপ্ৰিলত ভুলবশত: পাকিস্তানৰ সীমাত প্ৰৱেশ কৰিছিল বিএছএফ জোৱান গৰাকী ৷ ফিৰোজপুৰৰ সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰিছিল জোৱানজনে ৷ পাকিস্তানৰ সীমাত প্ৰৱেশ কৰা জোৱান গৰাকীক গ্ৰেপ্তাৰ কৰিছিল পাকিস্তানী ৰেঞ্জাৰে ৷
বিগত ২০ দিনে পাকিস্তানৰ হাতত বন্দী হৈ আছিল জোৱানজন ৷ বুধবাৰে আটাৰী-ৱাঘা সীমান্তৰে ভাৰতক উভতাই দিয়া হয় বিএছএফ জোৱান গৰাকীক ৷ জোৱান শ্ব’ক পাকিস্তানে উভতাই দিয়াৰ কথা আনুষ্ঠানিক ভাৱে সদৰী কৰিছে বিএছএফে ৷ জোৱান গৰাকী স্বদেশ লৈ উভতি অহাৰ পাছতেই স্বস্তিৰ নিশ্বাস লৈছে পৰিয়ালৰ লোকে ৷