Literary critic Ismail Hussain arrested :
কথাতে কটা যায়,কথাতে বঁটা পাই ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল সদা বিৰ্তকিত সাহিত্যিক ইছমাইল হুছেইনৰ ক্ষেত্ৰত ৷ বৃহস্পতিবাৰে উৰ্মিমালা দত্ত নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে সামাজিক মাধ্যমত অশালীন মন্তব্য কৰিছিল সাহিত্যিক হুছেইনে ৷ যাৰবাবে বৃহস্পতিবাৰেই দত্তই এজাহাৰ দাখিল কৰে মঙলদৈ আৰক্ষী থানাত ৷
ADVERTISEMENT
আজি মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন জ্যোতি বৰাৰ নেতৃত্বত আৰক্ষীৰ দলে যোৰহাট গড়আলিৰ পৰা আটক কৰে হুছেইনক। ইতিমধ্যে আটকাধীন হুছেইনক মঙলদৈলৈ আনিছে আৰক্ষীয়ে ৷