Bipanchika Bora of Nagaon receives National Scholarship:
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ অধীনৰ চি চি আৰ টিৰ ২০২৪-২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় জলপানি লাভ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ ছাত্ৰী বিপঞ্চিকা বৰাই । নগাঁৱৰ মণিকাঞ্চন কলা-কৃষ্টি বিদ্যালয়ৰ প্ৰশিক্ষাৰ্থী বিপঞ্চিকা বৰাই বিশিষ্ট সত্ৰীয়া শিল্পী কেহুৰাম বৰাৰ তত্বাৱধানত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি এই কৃতিত্ব অৰ্জন কৰিছে ।
সদ্যঘোষিত এই ফলাফলত সফলতা লাভ কৰা বিপঞ্চিকা বৰা হৈছে নগাঁৱৰ কনচেপ্ট উচ্চ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী । চাৰি বছৰ বয়সৰ পৰাই সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰি অহা বিপঞ্চিকা বৰা নগাঁৱৰ মৌখাতিৰ নাট্যশিল্পী সঞ্জীৱ কুমাৰ বৰা আৰু নৃত্যপ্ৰেমী মালৱিকা বৰাৰ জীয়ৰী । আজৰি সময়ত গান শুনি ভালপোৱা ছাত্ৰী গৰাকীৰ এই সফলতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে মৌখাতি অঞ্চলবাসী ।